তেজপুৰত সংকল্প অসমৰ উদ্যোগত ১৯৬০চনৰ ভাষা শ্বহীদক স্মৰণ

0

আদিত্য অংকুৰ নাথ,তেজপুৰ:

অসমীয়া ভাষাৰ স্বাৰ্থত অসমৰ জনসাধাৰণৰ স্বাৰ্থত ১৯৬০চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা দিয়াৰ আহ্বান জনায় যি ভাষা আন্দোলন অসমত গঢ়ি উঠিছিল সেই আন্দোলনৰ শ্বহীদসকলক সুৱৰি আজি তেজপুৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সংকল্প অসমৰ উদ্যোগত তেজপুৰৰ শ্বহীদ উদ্যান প্ৰাংগণত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান। এই গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে অংশগ্ৰহণ কৰি আজিৰ বিপদাপন্ন অসমীয়া ভাষাটিৰ ৰক্ষাৰ স্বাৰ্থত সমাজৰ প্ৰতিটো স্তৰৰ জনতাক ওলায় আহিবলৈ আহ্বান জনায়। বিধায়ক বৃন্দাবন গোস্বামীৰ বন্তিপ্ৰজ্জলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি সংকল্প অসমৰ সভাপতি হিমাংশু ডেকা আৰু অনুষ্ঠানটিৰ সদস্য সদস্যাবৃন্দৰ
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে অন্ত পৰে।

Leave A Reply

Your email address will not be published.