গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতা

0

গুৱাহাটী,৫জুলাই: উত্তৰ পূবত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ৰেংকিং পাঞ্জা প্ৰতিযোগিতা। অহা ২৬ জুলাইত কেন্দ্ৰীয় যুৱকল‍্যান আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে আনুষ্ঠানিক ভাৱে প্ৰতিযোগিতা ভাগৰ শুভাৰম্ভ কৰিব।লাছ ভেগাছৰ নেভেডাস্থিত ‘প্ৰফেচনেল আৰ্ম ৰেষ্টলিং’ নামৰ আমেৰিকান সংস্থাটোৰ সহযোগত অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা খন। প্ৰতিযোগিতা খনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে চুক্ৰিবদ্ধ হৈছে জনপ্ৰিয় কন্ঠশিল্পী , যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গ ।

উল্লেখ‍্য যে প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰি বাংলাদেশ আৰু ইৰাণৰ পাঞ্জা প্ৰতিযোগিয়ে।
প্ৰতিযোগিতা খনত ভৰ্তি হ’বৰ বাবে ইচ্ছুক প্ৰতিযোগিয়ে www.bulldogarmwrestling.com ত পঞ্জীয়ন কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.