সংকটত অসমৰ হস্তী

বিগত ১৫ বছৰত তিনি শতাধিক হাতী বহিঃৰাজ্যলৈ চালান

0

তৃষ্ণা কৌশিক

গুৱাহাটী, ১১ জুলাই, ২০১৯

যোৱা ১৫ বছৰ ধৰি অসমৰ পৰা তিনি শতাধিক হাতীক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে। ১৫ বছৰে প্ৰেৰণ কৰা হাতীৰ এটাকো পিছত অসমলৈ ওভতাই অনা নাই।

File photo

২০০৩ চনৰ পৰা ২০০৭ চনলৈ সৰ্বমুঠ ২৫৯টা আৰু ২০০৮ চনৰ পৰা ২০১৮ চনলৈ ৬১টা হাতী প্ৰেৰণ কৰা হৈছে। বনবিভাগে দিয়া অনুমতি মৰ্মে ৰাজ্যলৈ হাতী প্ৰেৰণ কৰা পিছত বনবিভাগৰ আওতাৰ বাহিৰলৈ যায় আৰু পৰৱৰ্তী সময়ত সেই হাতীক বিক্ৰী কৰা হয়।

এনে অবৈধ বেপাৰৰ বাবে অসমত হাতীৰ সংখ্যা কমি গৈ আছে। এই ক্ষেত্ৰত প্ৰকৃতি প্ৰেমী সংগঠন সমূহেও নিৰৱতা অৱলম্বন কৰা দেখা গৈছে।

ভাৰতত মুঠ ২৭,৩১২টা হাতী বৰ্তমান সময়ত উপলব্ধ। তাৰ ভিতৰত অসমত উপলব্ধ ৫,৭১৯টা। ই এক পৰ্যটনীয় আকৰ্ষণৰ লগতে অসমৰ এক সম্পদ। চৰকাৰে হাতী ৰক্ষাৰ ক্ষেত্ৰত কি পদক্ষেপ ল’ব সেয়া উল্লেখনীয় হ’ব।

Leave A Reply

Your email address will not be published.