মৰাণ আৰক্ষী থানাৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

বছৰ বছৰ ধৰি জীয়াতু ভূগিছে পথচাৰীয়ে

0

ব‍্যুৰো

মৰাণ, ৮ জুলাই:

উজনি অসমৰ এখন অন‍্যতম চহৰ মৰাণৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণ আৰক্ষী থানাৰ সন্মুখৰ পথছোৱাৰ বছৰ বছৰ ধৰি কদৰ্য ৰূপে জ্বলা-কলা খুৱাইছে পথচাৰীক।

প্ৰতি বছৰেই বাৰিষাকালত এই পথছোৱাত দ’ দ’ গাতৰ সৃষ্টি হয় আৰু বৰষুণৰ পানী জমা হৈ বিলসদৃশ হৈ পৰে।

পথৰ দুয়োকাষে উপযুক্ত নলাৰ ব‍্যৱস্থা নকৰাৰ ফলস্বৰূপে পথত জমা হোৱা পানী ওলাই যোৱাৰো কোনো সুবিধা নাই।

বিভাগীয় কৰ্তৃপক্ষৰ গা-এৰা মনোভাৱ আৰু স্বয়ং সমীপতে আৰক্ষী থানা এখন থকাৰ পিছতো উক্ত পথছোৱাৰ নিৰ্মাণ তথা উপযুক্ত নলাৰ ব‍্যৱস্থাকৰণ হৈ নুঠাতো অত্যন্ত লজ্জাজনক হিচাপে বিবেচিত হৈছে।

তদুপৰি, মৰাণ দৈনিক বজাৰ এলেকাৰ সন্মুখতো ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্যময় ৰূপ আৰু বোকাময় অৱস্থাই মৰাণবাসীৰ লগতে সমগ্র অসমৰ পথচাৰীকো জ্বলা-কলা খোৱাইছে।

 

 

Leave A Reply

Your email address will not be published.