এজাক বৰষুণতে ডুব যায় সমগ্ৰ গুৱাহাটী..

0

NEWS DESK
GUWAHATI, JULY 8TH, 2019
Smart City এতিয়া এজাক সামান্য বৰষুণতে ডুব যায়। অনিল নগৰ, নবীন নগৰ এতিয়া পুৰণা হ’ল। এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰীত এজাক বৰষুণে সৃষ্টি কৰে কৃত্ৰিম বানৰ। যাৰ বাবে ঘণ্টা জুৰি আৱদ্ধ হৈ থাকিব লগীয়া হয় জনসাধাৰণ।

কিন্তু মূল কথাটো হ’ল অসমৰ বানপানী কোনো নতুন কথা নহয়। বানপানী আগতেও হৈছিল আৰু এতিয়াও হয় কিন্তু আগৰ বানপানীৰ তুলনাত এতিয়াৰ মাত্ৰা বৃদ্ধি পাইছে।
এই বানপানী হোৱাৰ মূল কাৰণ সমূহ আমি জানোঁ, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো কৰোঁ কিন্তু ইয়াক নিয়ন্ত্ৰণহে কৰিব পৰা নাই। এই বানক চৰকাৰে নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কিন্তু কেৱল চৰকাৰ বা জনসাধাৰণকে দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়।
বানপানী হোৱাৰ প্ৰধান কাৰণ সমূহ কি আৰু তাৰ সমাধানৰ বিষয়ে আমি জানিব লাগিব।
এনে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় প্ৰকৃতিৰ কিছুমান সম্পদ আমি নিজেই ধ্বংস কৰি দিয়া বাবে। জলাশয়, পিতনি সমূহ পুঁতি ডাঙৰ-ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে। নলা নৰ্দমাৰ বাবে একো ব্যৱস্থা নকৰি ঘৰসমূহ সজা হৈছে। পাহাৰবোৰ জধে-মধে কটা হৈছে। বৰষুণৰ পানী ওলাই যোৱা নলাবোৰ বন্ধ কৰি পেলোৱা হৈছে। ডাষ্টবিনত জাৱৰ-জোথৰ সমূহ নেপেলাই নলাত পেলোৱাৰ বাবেও এনে বানৰ সৃষ্টি হয়।

ইয়াৰ বাবে পৰিৱেশ দূষিত হোৱাৰ উপৰি বহুত বেমাৰ আজাৰে দেখা দিয়ে। বানপানী হোৱাটো স্বাভাৱিক কিন্তু এনেধৰণৰ কাৰণৰ বাবে হোৱা বানপানী কেতিয়াওঁ স্বাভাৱিক নহয়। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰকৃতিৰ সম্পদসমূহ ধ্বংস কৰাৰ পৰা বিৰত থাকি ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। যিহেতু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ, গতিকে ইয়াৰ সহায়তো এনে কৃত্ৰিম বানৰ নিয়ন্ত্ৰণ কৰাৰ কথা চৰকাৰে অদ‍্যপি কিয় চিন্তা কৰা নাই, সেইটো লক্ষনীয়।।।

 

 

Leave A Reply

Your email address will not be published.