সাৱধান চোৰাং চিকাৰী! কাজিৰঙাত ভৰি থলে ৮২জনীয়া বিশেষ গঁড় সূৰক্ষা বাহিনীৰ বুলেটে কৰিব ধৰাশায়ী

0

১০ মাহ ধৰি বঢ়মপুৰস্থিত নৱম এ পি বি এনত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে মহিলাসহ এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে । সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলত উক্ত ৮২ গৰাকী জোৱানক নিয়োগ কৰা হৈছে

কাজিৰঙাৰ পৰা প্ৰদ‍্যুৎ মহন্ত

বোকাখাট, ১০ জুলাই: 

সাৱধান চোৰাং চিকাৰী। ভৱিষ্যতে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰ পৰা বিৰত থাকক। কৰিলে মুখামুখি হব লাগিব অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ চমুকৈ SRPF ৰ বুলেটৰ সৈতে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পিয়াপি দি আছে এতিয়া SRPF ৰ সশস্ত্ৰ জোৱানসকলে।

ইতিমধ্যে ১০ মাহ ধৰি বঢ়মপুৰস্থিত নৱম এ পি বি এনত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে মহিলাসহ এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে । সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলত উক্ত ৮২ গৰাকী জোৱানক নিয়োগ কৰা হৈছে।

শুকুৰবাৰে বিয়লি এই ৮২ জনীয়া বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটো উপস্থিত হয়হি কাজিৰঙাত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা ৰেঞ্জত ইতিমধ্যে গঁড় সুৰক্ষা বাহিনীৰ এই ৮২ জনীয়া দলটোক বিভক্ত কৰা হৈছে ৷

এই দৃশ্য শনিবাৰৰ পুৱাৰ ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ গভীৰ অৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে এম্বুছ আৰম্ভ কৰিছে এই বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোৱে ৷ হাতত এছ এল আৰ লৈ বুঢ়াপাহাৰ বনাঞ্চলৰ স্পৰ্শকাতৰ ঠাইত এনেদৰে এম্বুছ কৰা দেখা গ’ল বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলটোক ৷

উল্লেখ্য, বুঢ়াপাহাৰ বনাঞ্চলত বিগত সময়ত চোৰাং চিকাৰীয়ে ইটোৰ পাছত সিটো গঁড় হত্যা কৰি বনবিভাগৰ নিদ্ৰাহৰণ কৰিছিল ৷

চোৰাং চিকাৰী দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি অত্যাধুনিক AK 47 ৰাইফলেৰে গঁড় হত্যা কৰি আহিছে ৷ এই ক্ষেত্ৰত বিশেষ গঁড় সুৰক্ষা বাহিনীয়ে গুলীৰ কোনো ভেদাভেদ নাই বুলি উল্লেখ কৰি তেওঁলোকৰ হাতত থকা এই এছ এল আৰ ৰাইফলেৰেই চোৰাং চিকাৰী দলক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে ৷

এই সাহসী বিশেষ গঁড় সুৰক্ষা বাহিনীৰ দলে এছ এল আৰ ৰাইফলেৰেই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ অহা চোৰাং চিকাৰীক তীব্ৰ প্ৰত্যাহ্বান জনাব ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশৰ সৈতে খাপ খাবলৈ প্ৰচেষ্টা চলাই থকা বিশেষ গঁড় সুৰক্ষা বাহিনীৰ মহিলা কেডাৰ সকলে এতিয়াৰে পৰা অসম গৌৰৱ এশিঙিয়াক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত  ৱদ্ধপৰিকৰ হৈছে।

Leave A Reply

Your email address will not be published.