এতিয়াৰে পৰা ডুবাইত উপলব্ধ হ’ব অসমৰ আনাৰস

0

নিউজ ডেস্ক
গুৱাহাটী, ১০ জুলাই, ২০১৯

সুদূৰ ডুবাইৰ জনসাধাৰণে এতিয়া সোৱাদ ল’ব পাৰিব অসমৰ আনাৰসৰ। ইতিমধ্যেই শীতলীকৰণ প্ৰক্ৰিয়াৰে পেকেজিং তথা পৰীক্ষা-নিৰীক্ষা কৰি দহ হাজাৰ আনাৰস লক্ষীপুৰৰ পৰা ডুবাইলৈ ৰপ্তানি কৰা হৈছে।


এই আনাৰসসমূহ অলপতে ট্ৰাকৰ জৰিয়তে প্ৰেৰণ কৰা হয়। এই যাত্ৰাৰ শুভাৰম্ভণি কৰে কাছাৰৰ উপায়ুক্ত লয়া মাদ্দুৰীয়ে।

ডুবাইলৈ আনাৰস ৰপ্তানি কৰিবলৈ মাৰকুলিনৰ মাৰ এগ্রো অৰ্গেনিক প্রডিউছাৰ নামৰ সংস্হা এটিক দায়িত্ব দিয়া হৈছে।
মাৰকুলিনৰ আনাৰসক বিশ্বৰ বজাৰত পৰিচয় কৰি দিয়াৰ লগতে আনাৰস কৃষকসকলৰ বাবেও এখন বজাৰৰ ব্যৱস্হা কৰি দিয়াৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে উপায়ুক্ত লয়া মাদ্দুৰীয়ে।

Leave A Reply

Your email address will not be published.