মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত কৃত্ৰিম বানপানী

0

বোকাখাতৰ পৰা প্ৰদ‍্যুৎ মহন্ত

বোকাখাত, ১০ জুলাই, ২০১৯

ৰাজ‍্যৰ নগৰ উন্নয়ণ আৰু পৰিকল্পনা বিভাগৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত নগৰৰ ৪ নং ৱাৰ্ড সম্পূৰ্ণৰূপে কৃত্ৰিম বানপানীৰ তলত ৷

যোৱা এসপ্তাহ ধৰি হোৱা বৰষুণৰ ফলত ৱাৰ্ডটোত থকা কেন্দ্ৰীয় বিহুতলী, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ জিলা নামঘৰ, ৮৯ সংখ্যক শংকৰদেৱ সংঘৰ আদৰণী সমিতিৰ কাৰ্যালয়, সতী সাধনী ভৱন, শিক্ষক ভৱন, দ-গাঁও নামঘৰ আদি সকলোবোৰেই পানীৰ তলত ৷ আনকি মহানাগৰিকৰ বাসগৃহসমূহতো এককাল পৰ্যন্ত পানী ৷

আনকি ঘৰৰ ভিতৰতেই আৱদ্ধ হৈ আছে  পেৰেলাইছিচ ৰোগত আক্ৰান্ত ৰোগীও ৷ এসপ্তাহ ধৰি পৰিয়ালে ৰোগীক স্থানান্তৰ কৰিব নোৱাৰি হাহাকাৰ কৰি আছে ৷

আজি বোকাখাত মহকুমা প্ৰশাসনৰ পৰা বানাক্ৰান্ত ২৫০ পৰিয়ালক খাদ্যৰ যোগান ধৰিছে ৷ এই কৃত্ৰিম বানৰ পৰা নাগৰীয়াক ৰক্ষা কৰিবৰ বাবে নগৰ সমিতিয়ে জে চি বি লগাই বৃহৎ নলা খান্দিছে যদিও পানী নিষ্কাসন কৰিব পৰা নাই ৷

ষ্টেট বেংক অফ ইণ্ডিয়াৰ বোকাখাত শাখাৰ সন্মুখতো পানী উলিয়াবৰ বাবে বৃহৎ নলা খন্দাৰ ফলত বেংকটোৰ গ্ৰাহকে জিয়াতু ভুগিব লগা হৈছে ৷

পানী নিষ্কাসনৰ বাবে যি স্থায়ী নলাৰ ব্যৱস্থা নগৰ সমিতিয়ে কৰিছিল সেইয়া সম্পূৰ্ণ নোহোৱাৰ বাবেই ৪ নং ৱাৰ্ডৰ এই দুৰৱস্থা হোৱা বুলি স্থানীয় লোকে মন্তব্য কৰিছে ৷

Leave A Reply

Your email address will not be published.