অহা চাৰি দিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা

0

নিউজ ডেস্ক
গুৱাহাটী, ১০ জুলাই, ২০১৯

বতৰ বিজ্ঞানীসকলে সতৰ্কতা জাৰি কৰা অনুসৰি বুধবাৰৰ পৰা অহা চাৰিদিনলৈ ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। কেৱল অসমতে নহয় চুবুৰীয়া ৰাজ্য সমূহতো ইতিমধ্যেই কমলাৰঙী সতৰ্কতা জাৰি কৰিছে।


বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন স্থানত হালধীয়া, কমলা আৰু ৰঙা ৰঙী সতৰ্কতা জাৰি কৰিছে। আজি কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰঙাৰঙী সতৰ্কতা জাৰি কৰিছে।

বাক্সা জিলাত কমলা তথা ধুবুৰী, বঙাইগাঁও, বৰপেটা, কাৰ্বি আংলং, নলবাৰী, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, ধেমাজি, লক্ষীমপুৰ, চৰাইদেউ, ডিমাহাছাও আৰু তিনিচুকীয়া জিলাত প্ৰৱল বৰষুণৰ বাবে জাৰি কৰা হৈছে হালধীয়া ৰঙী সতৰ্কতা।

Leave A Reply

Your email address will not be published.