গুৱাহাটীত দুধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

0

গুৱাহাটী মহানগৰীৰ পৰা যোৱা নিশা ক্ৰাইম বাঞ্চ আৰু SIB ৰ সহযোগত কাজিৰঙা উদ্যান কতৃপক্ষই অভিযান চলাই আটক কৰে গড় হত্যাৰ লগত জড়িত দুধৰ্ষ চিকাৰীটোক ৷

কাজিৰঙাৰ পৰা প্ৰদ‍্যুৎ মহন্ত

বোকাখাত, ১১ জুলাই, ২০১৯

গুৱাহাটী মহানগৰীৰ পৰা যোৱা নিশা ক্ৰাইম বাঞ্চ আৰু SIB ৰ সহযোগত কাজিৰঙা উদ্যান কতৃপক্ষই অভিযান চলাই আটক কৰে গড় হত্যাৰ লগত জড়িত এটা দুধৰ্ষ চিকাৰীক ৷ চিকাৰীটোৰ নাম ৱাকুপ ওৰফে মাষ্টৰ ৷

ডিমাপুৰৰ বাসিন্দা ৱাকুপ ওৰফে মাষ্টৰক গুৱাহাটী
মহানগৰীৰ হাটীগাঁৱৰ নাগালেণ্ড গেষ্ট হাউচত বাহৰ পাতি থকা অৱস্থাত মংগলবাৰে নিশা তিনিটা বিভাগৰ যুটীয়া অভিযানত আটক কৰা হয় ৷

আৰক্ষী সূত্ৰৰ মতে, মাষ্টৰ নামেৰে জনাজাত চোৰাং চিকাৰীটো কাজিৰঙাৰ কেবাটাও গঁড় হত্যাৰ লগত জড়িত ৷

মাষ্টৰক মহানগৰীত আটক কৰাৰ পাছতে নিশাই কাজিৰঙালৈ লৈ আনে ৷ ৱাকুপ ওৰফে মাষ্টৰে মূলতঃ গঁড় হত্যাৰ বাবে ব্যৱহৃত অস্ত্ৰ, শ্বুটাৰ আৰু ধনৰ যোগান ধৰে ৷
চিকাৰীটোক বৰ্তমান সোধা- পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.