বোকাখাতৰ কৃত্ৰিম বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি নাগৰিককে দোষাৰোপ মন্ত্ৰী অতুল বৰাৰ

News24Hrs ৰ বাতৰিত গা-লৰিল মন্ত্ৰী অতুল বৰাৰ

0

প্ৰদ‍্যুৎ মহন্ত

বোকাখাত, ১১জুলাই, ২০১৯

অৱশেষত News24Hrs ৰ বাতৰিত গা-লৰিল বোকাখাতৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ। ৪নং ৱাৰ্ডৰ কৃত্ৰিম বানপানী আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই ইয়াৰ বাবে দোষাৰোপ কৰে স্থানীয় নাগৰিককহে।

“কৃত্ৰিম বানৰ বাবে জগৰীয়া স্থানীয় লোক ৷ নলাবোৰ পুতি পেলাই স্থানীয় লোকে ৷” বোকাখাতৰ ৪ নং ৱাৰ্ডৰ কৃত্ৰিম বান পৰিদৰ্শন কৰি এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

কৃত্ৰিম বানত ককবকাইছে কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বোকাখাত পৌৰ সভাৰ ৪ নং ৱাৰ্ডৰ বাসিন্দাই ৷ এসপ্তাহ ধৰি জলবন্দী হোৱা নাগৰিকৰ সমস্যাৰ বুজ লোৱাৰ বাবে বুুুধবাৰে সন্ধ্যা উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

পানী ফালি বিশাল গাড়ীৰ কনভয়েৰে উপস্থিত হয় পূৰ্বে নলা থকা মহমাইকী গাঁৱত ৷ কিন্তু মন্ত্ৰীৰ কনভয় দেখি বানাক্ৰান্তই মন্তব্য কৰে মন্ত্ৰীয়ে ৰং চাবলৈ অহা বুলি ৷

মন্ত্ৰীজনে নলাসমূহ দখল কৰি থকা স্থানীয় লোকৰ লগত আলোচনাত মিলিত হৈ মাটি সমূহ এৰি দিয়াৰ আহ্বান জনোৱাৰ লগতে কৃত্ৰিম বানৰ বাবে স্হানীয় লোককে জগৰীয়া কৰে ৷

পানী উলিয়াই পঠাবৰ বাবে ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা নলাটো সম্পূৰ্ণ নোহোৱাৰ বাবেই ৱাৰ্ডটোৰ নাগৰিক জলবন্দী হৈ থাকিব লগা হৈছে ৷

Leave A Reply

Your email address will not be published.