আদালত অৱমাননাৰ অভিযোগত সম্পাদক কনকসেন ডেকাক ৫০ হাজাৰ টকাৰ জৰিমনা, অনাদায়ে ছমাহৰ কাৰাদণ্ডৰ হুকুম

0

ব‍্যুৰো

তিনিচুকীয়া, ১১জুলাই, ২০১৯

‘দৈনিক অগ্ৰদূত’ কাকতৰ মুখ্য সম্পাদক তথা স্বত্বাধিকাৰী কনকসেন ডেকাক আদালত অৱমাননাৰ দোষত দোষী সাব্যস্ত কৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে ৫০হাজাৰ টকাৰ জৰিমণা বিহিছে। এই ধন অনাদায়ে ছমাহৰ কাৰাদণ্ডৰ ৰায় দিছে মুখ্য ন্যায়িক দণ্ডাধীশ এছ ধৰৰ আদালতে।

অসম চৰকাৰৰ শ্ৰম আয়োগৰ তৰফৰ পৰা দাখিল কৰা চিচি ১৭৭৯/১৪ নং গোচৰৰ ৰায় দান কৰি আদালতে বুধবাৰে এই গুৰুত্বপূৰ্ণ ৰায় দান কৰে। ‘দৈনিক অগ্ৰদূত’ কাকতৰ পূৰ্বৰ সাংবাদিক বিকাশ শৰ্মাক বাছাৱট দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে দাবী জনোৱাৰ অপৰাধত কাকত কৰ্তৃপক্ষই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ অবৈধ আৰু আৰু বেআইনী বুলি গুৱাহাটী শ্ৰম আদালতে ২০০৪ চনতে ৰায় দান কৰিছিল।

পিছত গুৱাহাটী উচ্চ ন্যায়ালয়েও এই ৰায় বাহাল ৰাখি তেওঁক তেওঁৰ প্ৰাপ্য সকলো পাওনাসহ চাকৰি তাৎক্ষণিক ভাবে ঘূৰাই দিবলৈ ২০১১ চনত ৰায় দিছিল।

তৎস্বত্তেও কাকত কৰ্তৃপক্ষই এই নিৰ্দেশ কাৰ্যকৰী নকৰাত কামৰূপ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই ২০১৪ চনত কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত এই গোচৰ ৰুজু কৰিছিল।

গোচৰটোৰ শুনানী এবছৰ পূৰ্বেই সম্পন্ন হৈছিল যদিও অসম চৰকাৰৰ গণৰাজ্য দিৱস সাংবাদিকতা বটাঁ প্ৰাপক প্ৰবীণ সাংবাদিকজনে বিভিন্ন অজুহাতত আদালতত হাজিৰ হোৱাৰ পৰা দীৰ্ঘদিন ধৰি আঁঁতৰি থকা বাবেই আদালতৰ ৰায়দানত যথেষ্ট বিলম্ব হয়। বুধবাৰৰ ৰায়দানত দণ্ডাধীশে এই বিষয়টোতো গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ইফালে জৰিমণা হিচাপে আদায় দিবলগীয়া পঞ্চাশ হাজাৰ টকাৰ পৰা পছিশ হাজাৰ টকা ভূক্তভোগী বিকাশ শৰ্মাক আদায় দিবলৈও নিৰ্দেশ দিছে। আদালতত ভূক্তভোগী তথা চৰকাৰী পক্ষৰ হৈ উকালতি কৰিছিল অধিবক্তা শান্তনু ভট্টাচাৰ্য্যই। আজিৰ ৰায়দানৰ সময়ত আদালতত আচামী হিচাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকা সশৰীৰে উপস্থিত থাকে।

উল্লেখ্য যে, অসমত সাংবাদিকৰ অধিকাৰৰ বাবে চলা সংগ্ৰামৰ এইটোৱেই সবাটোকৈ দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ গোচৰ হিচাপে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.