নৰ্থ ইষ্টৰ বাবে স্বাস্থ্যৰ সৈতে জড়িত অনলাইন সেৱা মেডিক নিদ্ছ্

0

গুৱাহাটী, ১৪জুলাই: নৰ্থ ইষ্টৰ প্ৰথমটো স্বাস্থ্যৰ লগত জৰিত অনলাইন সেৱা হ’ল মেডিক নিদ্ছ্ কাইলৈৰ পৰা আৰম্ভ হ’ব। এই সেৱাৰ সৈতে জড়িত ডা৹ আবিদ আহমেদ (পি.টি.) এ এই সম্পৰ্কে এক বিবৃতি যোগে কয় – “নৰ্থ ইষ্টৰ প্ৰথমটো স্বাস্থ্যৰ লগত জৰিত অনলাইন সেৱা হ’ল মেডিক নিদ্ছ্ । ইয়াত বৰ্তমান দুই ধৰণৰ ঘৰতে উপলব্ধ হোৱা সেৱা আমি আগবঢ়াইছো- ফিজিওথেৰাপি আৰু নাৰ্চিং কেয়াৰ । পিছলৈ আমি আৰু বহু ধৰণৰ মেডিকেলৰ সেৱা সংযোজন কৰিম বুলি পৰিকল্পনা কৰিছো ।
ফিজিওথেৰাপিত বহু কেইজন অভিজ্ঞ চিকিৎসকে তেওঁলোকৰ সেৱা প্ৰদান কৰিব যেনে নিউৰ’লোজিকেল সমস্যাবোৰ- ষ্ট্ৰোক, আৰ্বছ্ পলচি ইত্যাদি, অপাৰেচনৰ পিছত হোৱা সমস্যাবোৰৰ সমাধান, সকলো ধৰণৰ বিষ- ককালৰ বিষ, আঠুৰ বিষ, শ্পন্দনলাইটিছ্, ছিয়াটিকা ইত্যাদি ।নাৰ্চিং কেয়াৰত- প্ৰাপ্তবয়স্ক, কেচুৱা আৰু ক্ৰিটিকেল কেয়াৰৰ সেৱা আমি আগবঢ়াম । স্বাস্থ্য সেৱাৰ পৰা আমাৰ জনসাধাৰণ লাভাম্বিত হ’ব বুলি আমি আশাবাদী কাৰণ ঘৰতে বহি সকলোৱে অনলাইন ৱেবছাইট যোগে বুক কৰি আমাৰ এই সেৱা অতি কম খৰচতে উপভোগ কৰিব পাৰিব ।
আমি আমাৰ অভিজ্ঞ চিকিৎসকবোৰক সকলোৰে ঘৰত পঠাই উন্নত মানৰ চিকিৎসা অতি কম খৰচতে প্ৰদান কৰিম । আমাৰ এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ’ব গুৱাহাটী,মিৰ্জা, ছয়গাওঁ আৰু গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত, পিছলৈ আমি আন জিলা আৰু ৰাজ্যবোৰতো আমাৰ এই সেৱা আগবঢ়াম। এই সেৱাৰ সৈতে
ডা৹ আবিদ আহমেদ (পি.টি.) আৰু ডা৹ আশীষ ৰঞ্জন দাস (পি.টি.) জড়িত আছে।
আমি সমূহ অসমবাসী ৰাইজৰ আশীষ বিচাৰিছো লগতে সকলোৱে যেন আমাক আকোৱালি লৈ আগবাঢ়ি যোৱাত সহায় সহযোগিতা কৰে তাৰেই কামনা কৰিছো ।

Leave A Reply

Your email address will not be published.