জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা ! কাৰণ আৰু প্ৰতিৰোধ…

0

এই ৰোগৰ লক্ষণ সমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ আৰু বমি। এই মহে কামোৰা পাঁচৰ পৰা পোন্ধৰ দিনৰ ভিতৰতহে ইয়াৰ লক্ষণসমূহ দেখা দিয়া আৰম্ভ কৰে।

তৃষ্ণা কৌশিক
গুৱাহাটী, ১৬ জুলাই, ২০১৯

জাপানীজ এনকেফেলাইটিছ হ’ল ভাইৰাছজনিত ৰোগ, যি বিগত বছৰত প্ৰায় ৩০০ লোকৰ প্ৰাণ লয় আৰু এই বছৰত বৰ্তমানলৈ ৭৪ জন লোকৰ এই ৰোগত মৃত্যু হৈছে। আন ৰাজ্যৰ তুলনাত অসমত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক। চৰকাৰ আৰু স্বাস্থ্য বিভাগে এই ভাইৰাছবিধৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতাৰ পৰা ব্যৰ্থ হৈছে।

Source: internet

এই বিধ ভাইৰাছক ৰোধ কৰিবলৈ হলে প্ৰথমে এই ৰোগৰ কাৰণ তথা ইয়াৰ সাৱধানতাৰ বিষয়ে জানিব লাগিব।

জাপানীজ এনকেফেলাইটিছ ৰোগ হয় বীজাণু বহনকাৰী মহ বিধে কামুৰিলে।

এই ৰোগৰ লক্ষণ সমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ আৰু বমি। এই মহে কামোৰা পাঁচৰ পৰা পোন্ধৰ দিনৰ ভিতৰতহে ইয়াৰ লক্ষণসমূহ দেখা দিয়া আৰম্ভ কৰে।

চৰকাৰে ইতিমধ্যেই ২৭ খন জিলাত এনকেফেলাইটিছ প্ৰতিষেধক বেজী এক বছৰৰ পৰা পোন্ধৰ বছৰৰ শিশুক প্ৰদান কৰি আহিছে। তদুপৰি চৰকাৰে ঔষধযু্ক্ত প্ৰদান কৰি আহিছে।

কিন্তু তাৰ পিছতো জনসাধাৰণে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা নাই। দৰাচলতে জনসাধাৰণ জ্ঞাত নহয় এই ৰোগৰ আগত লবলগীয়া সাৱধানতাৰ বিষয়ে।
জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰিবলৈ হলে প্ৰথমে মহ মৰা দ্ৰব্য ব্যৱহাৰ কৰিব লাগিব। আমি সম্পূৰ্ণ দেহ আৱৰি থকা কাপোৰ পিন্ধিব লাগে। কোনো ঠাইত বেছি দিনলৈ পানী জমা হ’ব দিব নালাগে, কাৰণ সেই পানীতে মহে কণী পাৰে। তদুপৰি, গাওঁ অঞ্চলত থকা পোহনীয়া জীৱ-জন্তু ৰখা ঠাইখিনি পৰিষ্কাৰ কৰি ৰাখিব লাগে।
যিহেতু বৰ্তমানলৈকে এই ৰোগ নিৰাময়ৰ বাবে কোনো ফলপ্ৰসূ চিকিৎসা আৱিষ্কাৰ হোৱা নাই, সেয়ে এই ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।

Leave A Reply

Your email address will not be published.