ৰাজ‍্যত কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ আহ্বান

0

কিতাপেই হ’ল এখন শক্তিশালী সমাজ গঢ়ি তোলাৰ মূল আহিলা স্বৰূপ: ডঃ অমৰজ‍্যোতি চৌধুৰী

নিউজ ডেস্ক
গুৱাহাটী, ১৯ জুলাই, ২০১৯

বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে ৰাজ্যত কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ বাবে এক আৱেদন জনাই এক অভিনৱ কাৰ্যসূচী হাতত লৈছে। এই সন্দৰ্ভত তেওঁ কয় যে কিতাপ পঢ়ি হে আমি এখন শক্তিশালী সমাজ গঢ়ি তুলিব পাৰোঁ। 

সেয়ে, তেওঁ কিতাপ পঢ়াৰ এক আন্দোলন গঢ়াৰ সিদ্ধান্ত লৈছে আৰু তাক উদ্দেশ্য কৰিয়েই সমাগত তিনি আগষ্টৰ আবেলি চাৰি বজাত এটা কিতাপ অনুৰাগী দলক গুৱাহাটীৰ জিলা পুথিভঁৰালৰ সন্মুখত গৈ থিয় কৰাবগৈ। লগতে পঢ়াৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা তথা আন্যান্য সহকৰ্মী সকলেও কিতাপ পঢ়িবলৈ যাব পাৰে বুলি তেওঁ আহ্বান জনাইছে।

আগষ্টৰ তিনি তাৰিখৰ পিছত প্ৰতিটো শণিবাৰে আবেলি চাৰি বজাত এনেধৰণে পুথিভঁৰাললৈ যোৱাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিব।

অসমৰ বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষকলৈ আহ্বান জনায় কয় যে নিজৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ যি সকলে এই কিতাপ পঢ়াৰ আন্দোলনত যোগ দিব খোজে তেওঁলোকেও অহা তিনি আগষ্টৰ আবেলি চাৰি বজাত নিজ-নিজ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ গৈ কিতাপ পঢ়াৰ এই আন্দোলনত সক্ৰিয় ৰূপত অংশ গ্ৰহণ কৰিব পাৰে আৰু তাৰ পাছৰ প্ৰতিটো শণিবাৰে আবেলি পুথিভঁৰাললৈ গৈ এই অভিযান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে শিক্ষাবিদজনে।।

Leave A Reply

Your email address will not be published.