তেজপুৰত ৬দিনীয়া কাৰ্য্যসূচীৰে নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস উদযাপন

মূৰ্ত বিমূৰ্ত নীল-দিপালিয়ে মন মুহিলে 'তেজপুৰীয়া ৰাইজক

0

 

আদিত্য অংকুৰ নাথ, তেজপুৰ:

তেওঁ কৈছিল “ছবিত জীৱন সোমাই থাকে,গীতটো জীৱন সোমাই থাকে”। এই ছবি আৰু জীৱনৰ জীয়া কাহিনীৰ মাজত কালি নিশা সহস্ৰাধিক দৰ্শক নিমজ্জিত হৈ থাকিল আবেগিক মুহূৰ্তত।সঁচাকৈয়ে কেৱল অসমৰেই নহয় সমগ্ৰ পৃথিবীৰ বাবেই এক অনন্য প্ৰেমৰ নিদৰ্শন ‘অসমৰ নাইটিংগেল’ খ্যাত
তথা সদ্যপ্ৰয়াত কুকিলকণ্ঠী গায়িকা দিপালি বৰঠাকুৰ আৰু বিখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ অমৰ জীৱনগাঁথাৰ আধাৰত মঞ্চস্থ হোৱা “মূৰ্ত বিমূৰ্ত নীল-দিপালি”য়ে দৰ্শক ক এক মধুৰ সোৱাদ দিবলৈ সক্ষম হ’ল।

বিনোদ শৰ্মাৰ উৎকৃষ্ট ৰচনা আৰু পৰিচালনাৰে আৰু ধ্ৰৱকুমাৰৰ সামগ্ৰিক পৰিকল্পনাৰে গন্ধৰ্ব গুৱাহাটীৰ নিবেদিত এই নাটকখনীৰ প্ৰথম প্ৰদৰ্শনিৰ সফল মঞ্চায়নে ভৱিষ্যতে তেওঁলোকক আৰু উদ্যমী কৰি তুলিব বুলি কৈ পৰিচালক বিনোদ শৰ্মাই মনৰভাব প্ৰকাশ কৰে। উল্লেখযোগ্যযে ৪৯তম নটসূৰ্য্য ফণী শৰ্মাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিগত বর্ষসমূহৰ দৰে এইবাৰো ৬দিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰে আয়োজন কৰা নাট সমাৰোহৰ প্ৰথম দিনা পুনপ্ৰথম বাৰৰ বাবে অসমৰ পেছাদাৰী নাট্য আন্দোলনৰ অন্যতম গুৰিধৰোঁতা কৃষ্ণ ৰয়ক ডবা কাঁহ শংখ বজাই শতাধিক শিশুৰ পুষ্পবৃষ্টিৰে এক গাম্ভীয্যপূৰ্ণ পৰিবেশত প্ৰদান কৰা হয় ‘বাণ থিয়েটাৰ’ বঁটা।

তদুপৰি পিছৰদিনাৰ কাৰ্য্যসূচী অনুসৰি মঞ্চস্থ হয় বাণ থিয়েটাৰৰ উদ্যোগত মাহযোৰা কাৰ্য্য সূচীৰে অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ শিশু সকলৰ দ্বাৰা পৰিবেশিত তথা শিশুনাট্যকাৰ দ্বিজেন নাথৰ ৰচনা আৰু জীৱন বৰাৰ পৰিচালিত নাট “ৰং আহে পাখি মেলি।”তদুপৰি এই নাট সমাৰোহৰ সংগতি ৰাখি মঞ্চস্থ হয় বিখ্যাত অভিনেতা তথা নটসূৰ্য্যৰ পুত্ৰ সুজিত শৰ্মা   পৰিচালিত নাট “ভোগজৰা”।

Leave A Reply

Your email address will not be published.