ৰাজ‍্যসভাৰ পৰা ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ।

0

ভুৱনেশ্বৰ কলিতাৰ পদত্যাগে জোকাৰি গ’ল অসম প্ৰদেশ কংগ্ৰেছক

নিউজ ডেস্ক
গুৱাহাটী, ০৫ আগষ্ট, ২০১৯

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই কাশ্মীৰ প্ৰসংগত সোমবাৰে পদত্যাগ কৰে। তেওঁৰ পদত্যাগত জোকাৰণিৰ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ মাজত।

কলিতা আছিল অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাত কংগ্ৰেছৰ ‘চীফ হুইপ’।

উল্লেখযোগ্য যে অসমৰ পৰা নিৰ্বাচিত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰিছিল।

অসমৰ দ্বিতীয় গৰাকী সাংসদ ভুৱনেশ্বৰ কলিতাইও ৰাজ‍্যসভাৰ পৰা পদত্যাগ কৰাত কংগ্ৰেছ দলত স্বাভাৱিকতেই জোকাৰণিৰ সৃষ্টি হৈছে।

ইপিনে, সংবাদ মাধ্যমৰ পৰাহে কলিতাৰ পদত্যাগৰ কথা জানিব পৰা বুলি কংগ্ৰেছৰ নেতাসকলে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.