নিউজ ডেস্ক
গুৱাহাটী, ০৭ আগষ্ট, ২০১৯
জেষ্ঠ কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীৰ আশংকা জন্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত এইবাৰ অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অন্ধ্ৰপ্ৰদেশ আদিত প্ৰযোজ্য হৈ থকা ৩৭১ অনুচ্ছেদৰ অধীনৰ সাংবিধানিক সুৰক্ষা বাতিল হ’ব নেকি?
লোকসভাত জেষ্ঠ কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে এই প্ৰশ্ন কৰে মোডী চৰকাৰক। তিৱাৰীৰ প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি কয় যে সংবিধানৰ পৰা অনুচ্ছেদ ৩৭১প্ৰত্যাহাৰৰ কোনো অভিপ্ৰায় নাই মোডী চৰকাৰৰ।
উল্লেখযোগ্য যে সংবিধানত উল্লেখিত ৩৭১অনুচ্ছেদ অনুসৰি যিটো অঞ্চলত এই অনুচ্ছেদ প্ৰযোজ্য সেই ঠাইৰ জনসাধাৰণৰ কৰ্মসংস্থাপন আৰু শিক্ষাৰ অধিকাৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়।
নাগালেণ্ডৰ ৰাজ্যপাল আৰ.এন.ৰবিয়ে ৰাজ্য খনৰ নাগৰিকসকলক উদ্দেশ্যি মন্তব্য দিছে যে চিন্তাৰ কোনো প্ৰয়োজন নাই, সংবিধানৰ পৰা অনুচ্ছেদ ৩৭১ (ক) বাতিল কৰা নহয়।