বন্দে ভাৰত এক্সপ্ৰেছত থাকিব বিমান পৰিচাৰিকা

0

নিউজ ডেস্ক
গুৱাহাটী,  ১০ আগষ্ট, ২০১৯

চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছ নামৰ দ্ৰুত গতিৰ ট্ৰেইনখন উদ্বোধন কৰিছিল।

সুন্দৰ হাই-টেক ইন্টেৰিয়ৰ আৰু স্বাদভৰা খাদ্যৰ লগতে এতিয়া উক্ত ট্ৰেইনত থাকিব বিমান পৰিচাৰিকা।

পৰিচাৰিকা কেইগৰাকীয়ে বগা চাৰ্ট আৰু ক’লা ৰঙৰ পেণ্টৰ লগতে পৰিধান কৰিব ক’লা শ্লীভলেচ জেকেট।

উৰাজাহাজত কৰাৰ দৰে তেওঁলোকে যাত্ৰীক ট্ৰেইনৰ দবাৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত নমস্কাৰৰ সৈতে আদৰিব আৰু প্ৰস্থানৰ সময়ত দিব ধন্যবাদ।

বৰ্তমানলৈকে ৩৪ গৰাকী এয়াৰ হোষ্টেছক দিল্লীৰ এয়াৰ বৰ্ণ এয়াৰ হোষ্টেছ একাডেমিৰ পৰা নিযুক্ত কৰা হৈছে।

তেওঁলোকে যাত্ৰীক আহাৰ বিতৰণ কৰিব ট্ৰলীত। জনসাধাৰণক বিশেষভাৱে আৰাম দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই ৰেল বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

যদি এই পদক্ষেপ সফল হয়, তেন্তে পৰৱৰ্তী সময়ত ৰাজধানী, শতাব্দী আদি ট্ৰেইনসমূহতো এনেধৰণৰ এয়াৰ হোষ্টেছৰ ব্যৱস্থা কৰা হ’ব বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.