ফৰ্বছৰ সৰ্বাধিক উপাৰ্জনৰ তালিকাত পি. ভি. সিন্ধুৰ নাম

প্ৰথমস্থানত মাৰ্কিন টেনিছ তাৰকা ছেৰেনা উলিয়ামছ

0

নিউজ ডেস্ক
গুৱাহাটী, ১০ আগষ্ট, ২০১৯

প্ৰখ্যাত ফৰ্বছ আলোচনীৰ সমীক্ষাত স্থান লাভ কৰিছে  ভাৰতীয় বেডমিণ্টন তাৰকা পি. ভি. সিন্ধুৱে।

ফৰ্বছৰ শেহতীয়া তালিকাৰ যোৱা বছৰৰ ১জুন পৰা চলিত বৰ্ষৰ ১জুনৰ ভিতৰত বিশ্বৰ আটাইতকৈ অধিক উপাৰ্জন কৰা মহিলা এথলিটৰ  ত্ৰয়োদশ স্থান অধিকাৰ কৰিছে সিন্ধুৱে।

প্ৰত্যেক বছৰে ফৰ্বছে বিশ্বৰ আটাইতকৈ অধিক উপাৰ্জন কৰা মহিলা এথলিটৰসকলৰ তালিকা প্ৰকাশ কৰে।

২০১৮-১৯ চনৰ এই তালিকাত ত্ৰয়োদশ স্থানত থাই গল্ফৰ আৰিয়া জোতানুগাৰণৰ সৈতে আছে ভাৰতৰ বেডমিণ্টন তাৰকা পি.ভি. সিন্ধুৰ নাম। ফৰ্বছে প্ৰাইজ মানি,দৰমহা আদিক লৈ এই তালিকাখন প্ৰস্তুত কৰে।

আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফুটবল খেলুৱৈ এলেক্স মৰ্গানক আটাইতকৈ অধিক উপাৰ্জন কৰা মহিলা হিচাপে দ্বাদশ স্থান প্ৰদান কৰে।

ছেৰেনা উলিয়ামছে একেৰাহে চাৰিবাৰ কৈ ফৰ্বছৰ তালিকাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। উলিয়ামছৰ পিছতেই স্থান লাভ কৰিবলৈ সক্ষম হয় জাপানী টেনিছ তাৰকা নাওমী ওসাকাই।

Leave A Reply

Your email address will not be published.