গহপুৰত বন্য হস্তীৰ তাণ্ডৱ, ভাঙিলে বাসগৃহ, পশুধন আক্ৰমন

0

ষ্টাফ ৰিপৰ্টাৰ,

গহপুৰ, ১১আগষ্ট।

বিগত তিনিমাহ ধৰি গহপুৰৰ দক্ষিনাঞ্চলৰ বিভিন্ন স্থানত এটি বনৰীয়া হাতীয়ে অব্যাহত ৰাখিছে সন্ত্ৰাস।

ধাৰাবাহিক ভাবে সন্ত্ৰাস অব্যাহত ৰখা বন্যহস্তীটোৱে কালি নিশা পুণৰ সন্ত্ৰাস চলাই বাকৰি পঞ্চায়তৰ অন্তৰ্গত বৰদলনী গাৱঁৰ দুৰ্গা ঢাকালৰ বাসগৃহত।

আজি পুৱতি নিশা প্ৰায় চাৰি বজাত বনৰীয়া হাতীটোৱে সম্পূৰ্ন বাসগৃহটো ক্ষতিসাধন কৰাৰ লগতে পশু ধনৰ ওপৰতো অত্যাচাৰ চলাই ফলত গোহালিৰ গৰু পলাই পত্ৰং দিয়ে আৰু পশুধন বিছাৰি গৃহস্থই হাহাকাৰ কৰি আছে বৰ্তমান লৈকে।

বিগত তিনি মাহ বন্যহস্তীটোৱে ধাৰাবাহিক ভাবে সন্ত্ৰাস চলাই বহু পৰিয়ালৰ ঘৰ-বাৰী, ভড়ালৰ ধান, পথাৰৰ কৃষি নষ্ট কৰি থকাৰ পাছতো হাতীটো স্থায়ী ভাবে বনাঞ্চললৈ খেদি পঠোৱাৰ ব্যৱস্থা নকৰাত বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে ৰাইজ।

Leave A Reply

Your email address will not be published.