কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত কৃষকৰ হিয়াভঙা কান্দোন

বজাৰৰ অভাৱত কুইন্টলে কুইন্টলে লুইতত পেলাইছে শাক-পাচলি

0

লকডাউন”ৰ প্ৰভাৱত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শাক পাচলিৰ খেতিয়কসকল। বজাৰৰ অভাৱত পথাৰতে গেলি- পচি গৈছে বিঘাই-বিঘাই শাক-পাচলি। প্ৰতিদিনে কৃষকসকলে পথাৰতে পেলাই দিব লগা হৈছে কুইণ্টলে কুইণ্টলে বিলাহী, বেঙেনা, ভেণ্ডি, স্কোৱাচ আদি পাচলি।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,২ মে’

নগাঁও জিলাৰ কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ কৃষিভূমিত কৃষকৰ হিয়াভঙা কান্দোনৰ ৰোল উঠিছে৷

অন্ধকাৰ হৈ পৰিছে বহুজনৰ দৈনন্দিন  জীৱন৷ বজাৰৰ অভাৱত মনত ক্ষোভ লৈ লুইতৰ বুকুলৈ কুইণ্টলে কুইণ্টলে দলিয়াই দিছে শাক-পাচলি৷

স্বামীনাথ ৰাজভৰ, ভোলা ৰাজভৰ, অজয়, হীৰা, কমল, ভৰত ৰাজভৰ, লকুশ মাঝি, কমল বাহাদুৰ ছেত্ৰী, গণেশ বাহাদুৰ ছেত্ৰী আৰু বহুজনৰ হৃদয় আজি ভাৰাক্ৰান্ত, মন হতাশগ্ৰস্ত৷

কাৰণ তেওঁলোকৰ লহপহকৈ বাঢ়ি অহা খেতিডৰা আজি মাথোঁ হৈ পৰিছে হুমুনিয়াহৰ অন্য এক নাম৷

কলিয়াবৰৰ গাখীৰেখাতি, জেঙনি, ঝাৰনি, চুলুং, বিহডুবি, বালিদোৱাৰ আদি অঞ্চলৰ লগতে মহকুমাটোৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰি আৰু তাপু অঞ্চলৰ হাজাৰ হাজাৰ বিঘাৰ বিলাহী, বেঙেনা, তৰমুজ, ভেণ্ডি, স্কোৱাছ খেতি আজি লকডাউনৰ বাবে বজাৰৰ অভাৱত সংকটৰ গৰাহত পৰিছে ৷

তদুপৰি পোহনীয়া গৰু-ছাগলীয়েও খাবলৈ এৰিছে বিলাহী, বেঙেনাকে ধৰি কিছুদিন পূৰ্বে বজাৰত অতি চৰা দামৰ শাক-পাচলি দৰে কৃষি শষ্য ।

উল্লেখ্য যোগ্য যে, “লকডাউন”ৰ প্ৰভাৱত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শাক পাচলিৰ খেতিয়কসকল। বজাৰৰ অভাৱত পথাৰতে গেলি- পচি গৈছে বিঘাই-বিঘাই শাক-পাচলি।

ব্যৱসায় বন্ধ হৈ পৰাত নিজে হাতে কাটি পেলাই দিব লগা হৈছে দ’মে দ’মে উৎপাদিত ফচল। অন্যান্য স্থানৰ লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কলিয়াবৰ মহকুমাৰ কৃষকসকলো।

কলিয়াবৰ মহকুমাৰ লাওখোৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত বানপীড়িত অঞ্চলৰূপে খ্যাত টুবুকী জাৰনি, উত্তৰ বেলগুৰি আদি অঞ্চলতো দেখিবলৈ পোৱা গৈছে কৃষকৰ হাহাকাৰ অৱস্থা।

উৎপাদিত ফচল বিক্ৰী কৰিব নোৱাৰি দ’মে দ’মে পেলাই দিয়াৰ লগতে কাটি পেলাব লগা হৈছে বিঘাই বিঘাই খেতি।

প্ৰতিদিনে কৃষকসকলে পথাৰতে পেলাই দিব লগা হৈছে কুইণ্টলে কুইণ্টলে বিলাহী, বেঙেনা, ভেণ্ডি, স্কোৱাচ আদি পাচলি।

উল্লেখ্য যে, প্ৰতিদিনে প্ৰায় ১০০ কুইণ্টল শাক-পাচলি উৎপাদন কৰা লাওখোৱাৰ উত্তৰ বেলগুৰিৰ অৰ্ধশতাধিক কৃষকে এতিয়া মূৰে-কঁপালে হাত দিব লগা হৈছে।

অনিশ্চিত ভবিষ্যতৰ কথা চিন্তা কৰি ভাগি পৰিছে শাক-পাচলিৰ কৃষকসকল। ক’ৰোনা ভাইৰাছে নাপালেও এতিয়া লকডাউনৰ বাবে ভোকতে মৰিব লাগিব বুলি মন্তব্য কৰিছে শাক পাচলিৰ কৃষকসকলে।

লকডাউনৰ ফলত বজাৰ বন্ধ হোৱাত এইসকল কৃষকে উচিত বজাৰ বিচাৰি হাহাকাৰ কৰিছে৷ কাৰণ ধন-ধান লৈ খেতি কৰি এই খেতিৰ ধনেৰেই পৰিয়াল পোহপাল দিয়াৰ লগতে ধাৰ মৰাৰো সাহস গোটাইছিল এইসকল কৃষকে৷

কিন্তু এতিয়া পথাৰৰ শাকপাচলি পথাৰতে গেলি পচি যোৱাত এক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ এইসকল কৃষক পৰিয়ালে গতি কৰাৰ কথা প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.