ডাম্পিং গ্ৰাউণ্ডৰ বাবে দীপৰ বিলৰ সংকটজনক অৱস্থা, নিষ্ক্ৰিয় জি এম চি আৰু চৰকাৰ

0

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বান্ধি দিয়া সময়সীমা উকলিল কিন্তু তাৰ পিছতো সলনি কৰা নহ’ল দীপৰ বিলৰ নিকটৱৰ্তী ডাম্পিং গ্ৰাউণ্ড

নিউজ ডেস্ক
গুৱাহাটী, ২২ আগষ্ট, ২০১৯

জৈৱ বৈচিত্ৰৰে চহকী দীপৰ বিলৰ অৱস্থা এতিয়া খুবেই সংকটজনক। মহানগৰীৰ সকলো জাৱৰ-জোঁথৰ পেলাবৰ বাবে ২০০২ চনত জি. এম. চি য়ে বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰে কিন্তু ইয়াৰ পিছতে দীপৰ বিলৰ জৈৱ বৈচিত্ৰলৈ ভয়ংকৰ ভাবুকি অহা পৰিলক্ষিত হয়।

২০১৫ চনৰ কামৰূপ মহানগৰ জিলাৰ পূৰ্বৰ উপায়ুক্ত ড°এম অংগমথুৱে বৰগাঁও ডাম্পিং গ্ৰাউণ্ডক অতি শীঘ্ৰে স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল।কিন্তু সেয়া বাস্তৱত পৰিণত নহল।

আয়ুক্ত এছ বিশ্বনাথনে বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড অতি সোনকালে সলনি কৰা হ’ব বুলি উল্লেখ কৰিছিল যদিও জি. এম. চি য়ে কোনোধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল।

ইয়াৰ পিছত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৱাহাটী পৌৰ নিগমক ২৯ এপ্ৰিলৰ ভিতৰত বৰাগাঁওৰ ডাম্পিং গ্ৰাউণ্ডক স্থানান্তৰ কৰিবলৈ দুমাহৰ সময়সীমা বান্ধি দিছিল যদিও ২৯ জুনতে তাৰ সময় উকলিল, কিন্তু আজি পৰ্যন্ত একো পদক্ষেপ লোৱা দেখা নগ’ল।

ইতিমধ্যেই এই ডাম্পিং গ্ৰাউণ্ডৰ বাবে দীপৰ বিলৰ বিস্তৰ ক্ষতি সাধন হৈছে। বিলৰ পানী আৰু মাছ এতিয়া সম্পূৰ্ণৰূপে বিষাক্ত।

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিল এতিয়া ভয়াবহ দিশলৈ গতি কৰিছে। অতিশীঘ্ৰে ইয়াৰ ওপৰত পৌৰনিগমে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত।

Leave A Reply

Your email address will not be published.