ডিব্ৰু-দেওমালি হস্তী প্ৰকল্পৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত কয়লা খননৰ অনুমোদন, পৰিৱেশকৰ্মীৰ ক্ষোভ

হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা

0

ৰাজ্যখনত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ যদি উক্ত প্ৰকল্পত কয়লা খনন কাৰ্য আৰম্ভ হয় তেন্তে অঞ্চলটো হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ কৰাটো নিশ্চিত হৈ পৰিব৷

ষ্টাফ ৰিপ’ৰ্টাৰ

গোলাঘাট, ২৯এপ্ৰিলঃ

সমগ্ৰ বিশ্বজুৰি ক’ভিড- ১৯ কৰ’ণা ভাইৰাছৰ ত্ৰাস অব্যাহত আছে৷ দেশব্যাপী তলাবন্ধ চলি থকাৰ মাজতে দেশৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ সম্প্ৰতি কৰ’ণা ছানি ধৰাৰ সময়তে ভাৰতকে ধৰি আমেৰিকা, ইটালী আদি বিশ্ব শক্তিধৰ দেশসমূহেও প্ৰকৃতিৰ অদমনীয় গতিপথ ৰোধ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে৷

ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় যে আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যা সকলো প্ৰকৃতিৰ অধীন৷ ঠিক এনে এক জটিল পৰিস্থিতত বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ এক নিৰ্দেশে হচকিত কৰি তুলিছে পৰিৱেশ কৰ্মীসকলক ৷ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ, অসমৰ বন্যহস্তীৰ বাবে সংৰক্ষিত তথা ডিব্ৰু-দেওমালী হস্তীপ্ৰকল্পত কয়লা খননৰ বাবে দিয়া অনুমোদনৰ তীব্ৰ বিৰোধিতা কৰিছে পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে৷

পৰিৱেশকৰ্মী গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি নেচনেল ব’ৰ্ড ৱাইল্ড লাইভ আৰু স্থায়ী কমিটিয়ে চলিত মাহত নৰ্থ-ষ্টাৰ্ণ কয়লা ক্ষেত্ৰৰ ক’ল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা কয়লা খনন প্ৰকল্পৰ বাবে সংৰক্ষিত বনাঞ্চলখনৰ ৯৮•৫৯ হেক্টৰ ভূমি আবণ্টন দিয়াৰ আলোচনা কৰা হৈছে৷

উক্ত ডিব্ৰু-দেওমালি হস্তী প্ৰকল্পৰ এটা অংশ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন ক্ষেত্ৰসমূহৰ লগত সংলগ্ন হৈ আছে৷ ইয়াৰ লগতে ১১১•১৯ বৰ্গকিলোমিটাৰ বৃষ্টিপাত অঞ্চলৰ লগতে শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো বন্যপ্ৰাণী অভয়াৰণ্য সংলগ্ন হৈ আছে৷ এনে এখন গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী অভয়াৰণ্যত কয়লা খনন কৰি অভয়াৰণ্যখনৰ জীৱকূললৈ ধ্বংস নমাই আনিব বিচাৰিছে বুলি পৰিৱেশকৰ্মী গোস্বামী উল্লেখ কৰে৷

গোস্বামীয়ে উল্লেখ কৰা অনুসৰি বন্যপ্ৰাণী অভয়াৰণ্য খন বিশেষভাৱে হাতীৰ বিচৰণস্থলী৷ তেনেক্ষেত্ৰ যদি সেইস্থানত স্বয়ংক্ৰিয় মেচিন স্থাপন কৰি জেচিবি, ফ’কলেণ্ড, ডাম্পাৰ আদি দিনে-নিশাই ব্যৱহাৰ কৰিলে বন্যহস্তীকূল দিশহাৰা হৈ বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিব৷

জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি বন্যহস্তীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ৰাইজৰ ঘৰ-দুৱাৰকে ধৰি কৃষকৰ খেতিপথাৰ বিস্তৰভাৱে ক্ষতিসাধন কৰিব৷

ৰাজ্যখনত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ যদি উক্ত প্ৰকল্পত কয়লা খনন কাৰ্য আৰম্ভ হয় তেন্তে অঞ্চলটো হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ কৰাটো নিশ্চিত হৈ পৰিব৷

পৰিৱেশ, বন আৰু জলবায়ু পৰিষদে প্ৰকল্পখনত খনন কাৰ্যৰ অনুমতি প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.