নগাঁৱৰ চামগুৰিত এজন যুৱক ক’ভিদ-১৯ত আক্ৰান্তৰ সন্দেহ

0

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ৬মে’:

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ এজন যুৱক ক’ভিদ-১৯ পজিটিভত আক্ৰান্ত বুলি সন্দেহ কৰাৰ বাতৰি পোৱা গৈছে । ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ আতংকগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

ক’ভিদ- ১৯ত আক্ৰান্ত বুলি সন্দেহ কৰা যুৱকজন হৈছে চামগুৰিৰ গটংগাৰ বিতু বৰ্মন । তেওঁ শোণিতপুৰৰ বালিপাৰাৰ পৰা যোৱা ২৫ এপ্ৰিলত আহি গটংগাৰ নিজ গৃহত আছিল । স্থানীয় আশাকৰ্মীয়ে যুৱকজন অহাৰ কথা গম পাই স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি হোম কোৱাৰেন্টাইনত থকাৰ ব্যৱস্থা কৰে যুৱকজনক ।

কিন্তু দেওবাৰৰ পৰা যুৱকজনে উশাহ লোৱাত কষ্ট পোৱাৰ লগতে জ্বৰতো আক্ৰান্ত হয় । লগে লগে স্থানীয় ৰাইজ আৰু আশাকৰ্মীয়ে চামগুৰি প্ৰাথমিক কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি মোৱামাৰী অথবা নগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায় ।

108 ৰ অভাৱত যুৱকজনক চিকিৎসালয়লৈ নিব পৰা নগ’ল । পাছত যুৱকজনে পুনৰ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত স্বাস্থ্য পৰীক্ষাৰ বাবে সোমবাৰেও বিয়লি চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আহে । পাছত চিকিৎসকে বিতু বৰ্মণৰ অভিভাৱকক নগাঁৱলৈ নিবৰ বাবে অনুৰোধ জনায় ।

Leave A Reply

Your email address will not be published.