নগাঁৱৰ চাৰিস্থানত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা

0

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ৬মে’

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ কোনোবাই নগাঁও জিলাত প্ৰৱেশ কৰিলে তেওলোকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

নগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ যাদৱ শইকীয়াই উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ যিসকল ব্যক্তি নগাঁও জিলালৈ আহিব, তেখেতসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চাৰিটা স্থান নিৰ্ধাৰণ কৰা হৈছে ।

সেই অনুসৰি নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী কলীয়াভোমোৰা দলঙৰ ওচৰত, নগাঁও আৰু গোলাঘাট জিলাৰ সীমান্ত ৱৰ্তী বাগৰি, নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী ৰেং বেং তথা নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী ঠেকেৰাগুৰিত চাৰিটা স্কেনিং কেন্দ্ৰ স্থাপন কৰা হৈছে ।

Leave A Reply

Your email address will not be published.