প্ৰকৃতিপ্ৰেমী আৰক্ষীৰ মহানুভৱতাই বুটলিলে প্ৰশংসা

বটদ্ৰৱা থানৰ হাটীপুখুৰীত প্ৰকৃতিপ্ৰেমী আৰক্ষীয়ে মেলিলে কাছ

0

কাছটি মেলি দি নিজৰ অনুভৱ ব্যক্ত কৰি মতিলাল বৰদলৈয়ে কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে আমি প্ৰত্যেক জনেই সচেতন হ’ব লাগিব । নৱপ্ৰজন্মইও প্ৰকৃতি সুৰক্ষা কৰা উচিত

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ২৭এপ্ৰিল

জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ আন প্ৰতিটো প্ৰাণীৰ প্ৰতি দায়বদ্ধতা আৰু মৰম প্ৰকাশ কৰিব পাৰিব লাগিব–এই কথাকে যেন সাৰোগত কৰি “লকডাউন” চলি থকাৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহাসিক হাটীপুখুৰীত দেওবাৰে এটি বৰ কাছ মেলি দিয়ে প্ৰকৃতিপ্ৰেমী আৰক্ষীয়ে ।

বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানত দেওবাৰে এদল মাছমৰীয়াই মাছ মাৰি আছিল । মাছ মাৰি থকা অৱস্থাত জালত পৰা বৰ কাছটো বটদ্ৰৱা আৰক্ষী থানাত কৰ্মৰত মতিলাল বৰদলৈ নামৰ এজন আৰক্ষীয়ে উদ্ধাৰ কৰে।

তেওঁ  থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি মজুমদাৰক কথাটো অৱগত কৰি পাছত অতি যত্নৰে কাছটো বটদ্ৰৱা থানলৈ আনি থান পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰি পাছত হাটীপুখুৰীত মেলি দিয়ে ।

কাছটি মেলি দি নিজৰ অনুভৱ ব্যক্ত কৰি মতিলাল বৰদলৈয়ে কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে আমি প্ৰত্যেক জনেই সচেতন হ’ব লাগিব । নৱপ্ৰজন্মইও প্ৰকৃতি সুৰক্ষা কৰা উচিত ।

উল্লেখ্য যে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাত বিগত কেইবছৰমানৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকলে শতাধিক দুষ্পাপ্য প্ৰজাতিৰ কাছ এৰি দি এক সংৰক্ষণ স্থলীলৈ পৰিণত কৰিছে ।

ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে মতিলাল বৰদলৈৰ দৰে আৰক্ষীৰ জোৱানে বটদ্ৰৱা থানত উপস্থিত হৈ দেওবাৰে হাটীপুখুৰীত বৰকাছটি এৰি দিয়ে ।

কাছ মেলি দিয়া কাৰ্যসূচীত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত ভৰালী,লোকনাথ শইকীয়া, দীপুল বৰা,সাংবাদিকদ্বয় পদুম কলিতা আৰু কন্দৰ্প কুমাৰ কলিতা উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.