বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ সন্দৰ্ভত ৰেডিঅ’ মিৰ্চিৰ অপপ্ৰচাৰৰ অভিযোগ

0

ৰেডিঅ’ মিৰ্চিৰ আৰ জে এজনে অদ্ভুত ধৰণৰ মনেসজা কথাৰে বিভ্ৰান্তি মূলক অপপ্ৰচাৰ কৰা কাৰ্যত থান পৰিচালনা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ২ মে’

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ লাইখুঁটা ইছলামধৰ্মী চান্দসায়ে প্ৰতিষ্ঠা কৰিছিল বুলি ৰেডিঅ’ মিৰ্চিৰ আৰ জে এজনে অদ্ভুত ধৰণৰ মনেসজা কথাৰে বিভ্ৰান্তি মূলক অপপ্ৰচাৰ কৰা কাৰ্যত থান পৰিচালনা সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

 

বটদ্ৰবা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই জনাইছে যে মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে ১৯ বছৰ বয়সতে “চিহ্নযাত্ৰা” ভাওনাৰে অসমীয়া নাট্য সাহিত্যৰ পাতনি মেলাৰ ঠিক পাছত কুসুম্বৰ ভূঞাঁৰ সৰিয়হ তলীৰ বিশ্বৰ প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰি তাতে “গোপী উদ্ধৱ সংবাদ”পুথি খন থাপনা কৰি শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী প্ৰমূখ্যে গুৰু সকলক শৰণ কাৰ্যত দীক্ষিত কৰাইছিল ।

এয়াই আছিল ভকতৰ কল্পতৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ ঐতিহ্যময় ইতিহাস ।

ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মস্থান বটদ্ৰৱাত ৬৭ বছৰ কাল অতিবাহিত কৰাৰ অন্তত অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি পাটবাউসী
সত্ৰত নিগাজিকৈ থাকে আৰু তাৰে পৰা কোঁচৰজা নৰনাৰায়ণৰ সংস্পৰ্শলৈ আহি চান্দসাইক লগ পায়।

এনে প্ৰেক্ষাপ্ৰটত মনেসজা কাল্পনিক কথাৰে মিথ্যাচাৰ আশ্ৰয় লৈ ভি ডি অ’ প্ৰস্তুত কৰি আৰ জে গৌৰৱে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰা যেন অনুমান হৈছে ।

এনেধৰণৰ মনেসজা আৰু ভিত্তীহীন তথা কাল্পনিক অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ ৰেডিঅ’ মিৰ্চিৰ লগত জড়িত সকলোকে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.