বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত এজন প্ৰকৃতিপ্ৰেমী

0

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ১৭মে

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ সময়তো নগাঁও জিলাৰ এজন যুৱক সম্প্ৰতি বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত । যুৱকজন ব্যস্তও থাকে প্ৰকৃতিৰ লগতে । যিসময়ত “লকডাউন”ৰ ফলত প্ৰতিজনেই আবদ্ধ হৈ পৰিছে নিজ গৃহত, সেই সময়ত যুৱকজনে বন্যপ্ৰাণীক উদ্ধাৰৰ লগতে সম্পূৰ্ণ সুস্থ কৰি বনাঞ্চলত এৰি দিয়াৰ কামত নিজকে নিয়োগ কৰিছে ।

এই যুৱকজন হৈছে পুৰণিগুদামৰ সমীপৰ চাপানলাৰ বিনোদ দুলু বৰা ।

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনৰ সমীপত কিছুদিন পূৰ্বে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুস্প্ৰাপ্য লাজুকী বান্দৰক এজাক কুকুৰে খেদি ফুৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই ।

মূৰ আৰু আগ ঠেঙত আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক বৰাই নিজ গৃহতে লালন-পালন আৰু চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ কৰি তোলাৰ পাছত চাপানলা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীসকলৰ সহযোগত চাপানলাৰে চোৱাং বনাঞ্চলত দিয়ে ।

বিগত সময়তো বৰাই প্ৰায় ১৭ টাকৈ লাজুকী বান্দৰ সংকটজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি চোৱাং বনাঞ্চলত মুকলি কৰি দিছিল ।

বৰাই কেইবাডালো বিষাক্ত ৰজা ফেঁটীসাপ মানুহৰ মাজৰ পৰা উদ্ধাৰ কৰি এৰি দিয়ে বনাঞ্চলত । তদুপৰি প্ৰকৃতি প্ৰেমী বিনোদ দুলু বৰাই ২০১৯ বৰ্ষত বনৰীয়া হাতীৰ বাবে ধান খেতি কৰি “মূখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা-২০১৯” লাভ কৰিবলৈ সক্ষম হৈছিল ।

এনেদৰেই নগাঁৱৰ চাপানলাৰ এইজন যুৱকে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ মাজত বৰ্তমান এক “বন্ধুত্বপূৰ্ণ” সম্পৰ্ক গঢ়ি তুলিছে ।

Leave A Reply

Your email address will not be published.