‘ভিলেজ ৰকষ্টাৰ্ছ’ – এ লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

ছবিঘৰত মুখ্যমন্ত্ৰী

0

 

গুৱাহাটী , ৪ অক্টোবৰ : কেৱল দেশ-বিদেশৰ বোলছবি জগততে নহয় , ‘ভিলেজ ৰকষ্টাৰ্ছ’-এ খলকনি তুলিছে ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ মাজত । সমগ্ৰ ৰাজ্যবাসীৰ লগতে মন্ত্ৰী – বিধায়কৰ পৰাও প্ৰশংসা বুটলিবলৈ সক হৈছে ৰীমা দাস পৰিচালিত বোলছবিখনে । বৃহস্পতিবাৰে ভিলেজ ৰকষ্টাৰ্ছ চাবলৈ গুৱাহাটীৰ অনুৰাধা ছবিগৃহত উপষ্ঠিত হয় কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । মুখ্যমন্ত্ৰীৰ লগত ছবিগৃহত উপষ্ঠিত থাকে প্ৰশান্ত ফুকন , পল্লৱ লোচন দাস আৰু আঙুৰলতা ডেকা । ‘ভিলেজ ৰকষ্টাৰ্ছ’ – ৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে ছবিখন চাবলৈ আহ্বান জনোৱাৰ লগতে , বোলছবিখনে তেওঁৰ শৈশৱৰ দিনবোৰ জীপাল কৰি তুলিলে বুলিও মন্তব্য কৰে । ‘ভিলেজ ৰকষ্টাৰ্ছ’ – ৰ প্ৰতিটো দৰ্শনীতে দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে । ইফালে , বৃহস্পতিবাৰে বোলছবিখনৰ টিকটৰ বাবে দীঘলীয়া শাৰীত দেখা যায় কংগ্ৰেছ দলৰ কেইবাজনো নেতাক ।

Leave A Reply

Your email address will not be published.