লকডাউনৰ সুবিধা লৈ দুষ্প্ৰাপ্য পহু চিকাৰ দিহিং পাটকাইত

বন ৰক্ষাৰ লগতে দুষ্প্ৰাপ্য জীৱ জন্তুৰ নিৰাপত্তা দিয়াত চুড়ান্ত ব্যৰ্থ ৰাজ্যৰ বনবিভাগ

0

Debojit Sonowal
Naharkatia, 10th April

কৰণা আতংক আৰু লক ডাউনৰ সুবিধা লৈ অলপতে চৰাইদেও জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ পিছতেই অলপতে এক অনুৰূপ অগ্নিকাণ্ড ডিব্ৰুগড় জিলাৰ জয়পুৰ সংৰক্ষিত বনাঞ্চলখনৰ নামৰূপৰ দিল্লীঘাট অঞ্চলত অগ্নিসংযোগ কৰি বনাঞ্চলখনৰ ক্ষতি কৰাৰ চেষ্টা চলায়। অৱশ্যে অঞ্চলটোৰ সচেতন ৰাইজ তথা বনবিভাগৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইফালে,  আজি  পুৱা জয়পুৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য বিচৰণ কৰি থকা এটা পহু দহ বাৰ জনীয়া দুস্কৃতিকাৰীৰ দল এটাই কছাৰী পথাৰ গাঁও অঞ্চল পথাৰত খেদি খেদি চিকাৰ কৰে।

কছাৰী পথাৰ গাঁও বুঢ়াই বনবিভাগক খবৰ দিয়ে যদিও বনবিভাগে পহুটো উদ্ধাৰ কৰিব নোৱাৰিলে ।


এনেদৰে বিভিন্ন সময়ত চোৰাং চিকাৰীয়ে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত চৰাই জীৱ জন্তুৰ চিকাৰ কৰি অহাৰ লগতে দুস্কৃতিকাৰীয়ে মূল্যৱান গছ কয়লা শিল বাঁহ বেত কাটি তহিলং কৰি অবাধ বন ধ্বংসযজ্ঞ চলায় আহিছে।
বনবিভাগৰ দৰে এটা বিয়াগোম বিভাগৰ সোপাধিলা নীতিৰ বাবেই প্ৰতিদিনে বনাঞ্চল সমূহৰ গৰিমা হ্ৰাস পাবলৈ ধৰিছে। এটা সময়ত এই বনাঞ্চল সমূহ কেৱল ইতিহাস হৈ পৰিব সেইয়া নিশ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.