Assameseঅসম

‘গগণা মুম্বাই’ৰ উপদেষ্টা জুতিকা মহন্তৰ ব্যক্তিগত প্ৰচেষ্টাত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

0

মুম্বাইত ক’ৰ’না অতিমাৰীৰ পৰা সৰ্বসাধাৰন ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ উপৰিও বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বিভিন্ন প্ৰচেষ্টা লৈছে।

মুম্বাইবাসী অসমীয়া মহিলা জুতিকা মহন্তই ব্যস্ততাপূৰ্ণ কৰ্মজীৱন আৰু এগৰাকী গৃহিনীৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিও এই সময়ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ।

Related post

সংখ‍্যালঘূ আঁচনিৰ নামত কোটি কোটি টকা লুন্ঠন বহিৰাগত কোম্পানী…

এজাক বৰষুণতে কৃত্ৰিম বানপানী মহানগৰীত

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত…

‘গগণা মুম্বাই’ৰ উপদেষ্টা মণ্ডলীৰ অন্যতমজুতিকা মহন্তই অলপতে তেওঁৰ ব্যক্তিগত প্ৰয়াস আৰু কেইজনমান জাপানী বন্ধুৰ সহযোগত মুম্বাইস্থিত ঘনবহুল কিছু ঠাই, শিশু আশ্ৰম আৰু মহিলা হোষ্টেলৰ আবাসীৰ মাজত ১হেজাৰ মাস্ক আৰু চেনিটাইজাৰৰ বটল বিতৰণ কৰে।
ইয়াৰোপৰি, তেওঁ দমনৰ পৰা আহিব লগা ৫০০ মাস্ক আৰু ৫০০ চেনিটাইজাৰৰ বটল অসম ভৱনতো প্ৰদান কৰিব।

ক’ৰ’না মহামাৰীৰ সময়ত বিভিন্ন সৰু-সুৰা ব্যৱসায় কৰি থকা কিছু লোক, বস্তি এলেকা, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমৰ আবাসী সকলক #ক’ৰ’না মহামাৰীৰ যুঁজত সহযোগ কৰিবৰ বাবে সমাজৰ বিভিন্ন অংশই আগবঢ়োৱা স্বত:স্ফুৰ্ত সহায়ত জুতিকা মহন্ত আৰু তেখেতৰ জাপানী বান্ধৱী Saki Wataisahi ইও অংশগ্ৰহণ কৰিছে।

জুতিকা মহন্ত

এই প্ৰচেষ্টাৰ অংশ হিচাপে তেওঁলোকে মুম্বাইৰ অসম ভৱনত চিকিৎসাধীন হৈ থকা ব্যক্তিসকললৈও শীঘ্ৰেই এই সেৱা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে।

Continue Reading
You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.