ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

39

নিউজ ডেস্ক,
গুৱাহাটী, ১৩ জানুৱাৰী, ২০২০
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী সকলৰ পক্ষত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলেও বিভিন্ন সভা-সমিতিকে আদি কৰি ভিন্ন ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। লগতে ছ’চিয়েল মিডিয়াটো নিজৰ মত তথা মন্তব্য মুক্ত ভাৱে প্ৰকাশ কৰিব পাৰিব। ১০ জানুৱাৰীত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ কুৰেশীয়ে এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে চলোৱা গোচৰক নাকচ কৰি এই ৰায়দান দিয়ে।
উল্লেখযোগ্য যে, ত্ৰিপুৰা ন্যায়ালয়ে দিয়া এই গুুৰুত্বপূৰ্ণ ৰায়দানটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে আদৰ্শ হ’ব পাৰে। ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী সকলৰ ক্ষেত্ৰত যি ধৰণে বাক্ স্বাধীনতা কাঢ়ি লোৱা সদৃশ অৱস্থাৰ সৃষ্টি কৰি চৰকাৰৰ বিৰুদ্ধে যিকোনো স্থানতে কোনো সমালোচনা মূলক মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব বুলি জাৰি কৰিছে। সেইক্ষেত্ৰত ভুক্ত ভোগী চৰকাৰী কৰ্মচাৰী সকলো নিজৰ অধিকাৰৰ হৈ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।

Continue Reading

Get real time updates directly on you device, subscribe now.

You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.