পৰিভ্ৰমী পক্ষীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন….

31

নিউজ ডেস্ক,
গুৱাহাটী, ১৩ জানুৱাৰী, ২০২০
সংশোধনী আইনখনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ফলত কাজিৰঙাত বিদেশী পৰ্যটকৰ সংখ্যা কমি আহিলেও বিদেশী পৰিভ্ৰমী জলচৰ চৰাইৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাজিৰঙাত। ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তৃপক্ষৰ দ্বাৰা বিগত দুটা দিন ধৰি চলা দ্বিতীয় পক্ষী গণনাত মুঠ ৯৬ টা প্ৰজাতিৰ ১৯,২২৫ টা জলচৰ পক্ষী পোৱা যায়। এইবাৰৰ গণনাত একেটা সময়তে মুঠ ২১ খন বিল বা জলাশয়ত গণনা চলোৱা হয়।

Related post

নতুন ৰাজনৈতিক দল আৰু অসমবাসীৰ সন্মুখত থকা প্ৰত্যাহবানসমূহ

হোম কোৱাৰেন্টিন প্ৰক্ৰিয়াক সফলকাম কৰাত মুখ্য ভূমিকা লৈছে…

তেজপুৰত শিল্পীৰ নিদৰ্শন: আদর্শ কৃষি পামেৰে উজ্বলিছে অভিনেতা…

উল্লেখযোগ্য যে এই পক্ষী গণনা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ২২ জন পক্ষী বিশেষজ্ঞৰ লগতে ৩১ গৰাকী ছাত্ৰ-ছাত্ৰী স্বেচ্ছা সেৱক হিচাপে উপস্থিত থাকে। গণনা কালত ৰাষ্ট্ৰীয় উদ্যানখনত বিৰল প্ৰজাতিৰ পক্ষী পোৱা গৈছে বুলি সদৰি কৰে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়।

Continue Reading

Get real time updates directly on you device, subscribe now.

You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.