Assameseঅসম

মাকুমৰ ৰাজপথত মৃতদেহ থৈ চাহ জনগোষ্ঠী ৰাইজৰ তীব্ৰ প্ৰতিবাদ

0

অখিল চন্দ্ৰ বৰুৱা, মাকুম:২৩জুন:

মাকুমৰ বেতজান চাহ বাগিছাৰ নৈশ চকীদাৰ জেকী (ৰাজু) বাইগাৰ মৃতদেহ লৈ মঙ্গলবাৰে মাকুমৰ ৰাজপথত  চাহ জনগোষ্ঠী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

সোমবাৰে নিশা মাকুমৰ বেতজান চাহ বাগিছাৰ নৈশ চকীদাৰ জেকীয়ে আন দিনাৰ দৰেই বাগিছাৰ ৬নং ছেক্টৰত কাম কৰিবলৈ গৈছিল । নিশা তেওৰ লগত আছিল অভিনন্দন  বড়া আৰু জকল মৰান নামৰ দুজন সহকৰ্মীও। বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে নিশা বাগিছা খনত কেঁচা চাহপাত চুৰি কৰিবলৈ অহা দিপান চেতিয়া আৰু  মহানন্দ নামৰ দুজন যুৱকে জেকীক ভাবুকি প্ৰদান কৰিছিল আৰু এই ভাবুকিৰ পাছতেই জেকীক দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে।

Related post

ভয়াবহ বানৰ কবলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয়…

বিগবি আৰু অভিষেক বচ্চন কভিড পজিটিভ

চিৰসেউজ অভিনেত্ৰী ৰেখাৰ আবাসগৃহ ছীল

ইতিমধ্যে জেকীৰ লগৰ সহকৰ্মী দুজনৰ পুৱাৰ পৰাই মবাইলৰ চুইচ অফ থকাত আৰক্ষীৰ সন্দেহ বৃদ্ধি হয় আৰু দুয়োজনকে বিয়লি আৰক্ষীয়ে আটক কৰে।

বাগিছাত চাহপাত চুৰিৰ ঘটনাত এনেদৰে ঘাটকৰ হাতত প্ৰাণ দিবলীয়া জেকীৰ মৃতদেহ লৈ আটছা,  আছা আৰু এ চি এম এছে  মাকুমৰ ৩৭ নং ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । 

Continue Reading
You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.