সংখ্যালঘূ আঁচনিৰ নামত কোটি কোটি টকা লুন্ঠন বহিৰাগত কোম্পানী ‘Valuer Fabtex’ ৰ

‘গগণা মুম্বাই’ৰ উপদেষ্টা জুতিকা মহন্তৰ…
এজাক বৰষুণতে কৃত্ৰিম বানপানী মহানগৰীত
সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত…
শান্তনু শইকীয়াৰ প্ৰতিবেদন, গুৱাহাটী , ২৩/০৫/২০২০
কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ বৰ্ষত অসমৰ সংখ্যালঘু ছাত্র ছাত্ৰী স্বাৱলম্বী তথা দক্ষতা বিকাশৰ বাবে এক আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিৰ জৰিয়তে অসমৰ গুৱাহাটী, বৰপেটা আৰু নগাঁও জিলাৰ ৫০০ ছাত্র ছাত্ৰীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্মসংস্হাপন দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৭৮৬৪০০০ টকা ধাৰ্য কৰিছিলে। এই আঁচনিৰ জৰিয়তে সংখ্যালঘু ছাত্র ছাত্ৰী সকলক ৩ মাহ ধৰি থকা খোৱা আৰু প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্মসংস্হাপন দিয়াটো বাধ্যতামূলক আছিল । কিন্তু বহিৰাজ্যৰ কোম্পানী ‘ভেলুৱাৰ ফেব টেক্সে’ ছাত্র ছাত্ৰী সকলক প্ৰশিক্ষণৰ এক ভেকুভাওনা কৰি সমগ্ৰ টকা হৰলুকী কৰিলে।
-
• বহিৰাগত কোম্পানী Valeur Febtex
এই সমগ্ৰ বিষয়ৰ ওপৰত অভিযোগ কৰে সংখ্যালঘু সংগঠন সদৌ অসম মৰিয়া সন্হাই। সংগঠনটোৱে দিয়া অভিযোগ অনুসৰি প্ৰতিজন ছাত্র ছাত্ৰীৰ নামত ৫৫ হাজাৰ ৭২৮ টকাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল। ইয়াৰে ২৭ হাজাৰ ৫০০ টকা কেৱল মাত্ৰ হোষ্টেলৰ নামতে প্ৰদান কৰিছিল কিন্তু এজনো ছাত্ৰ ছাত্ৰীক হোষ্টেলত নৰখাকৈ বেছি ভাগ ভুৱা ছাত্ৰ ছাত্ৰীৰ নাম প্ৰদান কৰিয়ে কোনো ধৰণৰ প্ৰশিক্ষণ নকৰাকৈ সমুদায় টকা লুন্ঠন কৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে। আনকি ছাত্ৰ ছাত্ৰীৰ বাবে অহা ৩ হাজাৰ টকাৰ জলপানিৰ সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ। আনহাতে এই আঁচনি গুৱাহাটী , নগাঁও আৰু বৰপেটা জিলাত প্ৰশিক্ষণ দিয়াৰ নিৰ্দেশ আছিল যদিও গুৱাহাটীত এজনো ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়া নহল।
কেন্দ্ৰীয় চৰকাৰৰ ‘শিক’ অ’ৰ কমাও’ এই আঁচনিটোৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ ছাত্ৰী সকলক চিলাই মেচিন আৰু এম্বডাৰী প্ৰশিক্ষণ দিয়া দায়িত্ব কৰা হৈছিল। আনকি এই বহিৰাজ্য প্ৰতিস্হানটোৱে গুৱাহাটীত প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে বুলি স্কীল ইণ্ডিয়া ৱেবচাইটত হাতীগাঁওৰ পাইপলাইনত এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে বুলি উল্লেখ কৰিছিল কিন্তু আমি গৈ সেই স্হানত উপস্থিত হৈ স্হানীয় লোকক সোধা পোচা কৰাত সেই স্হানত এই প্ৰতিস্হানটোৰ নামত কোনো কালেই কোনো ধৰণৰ অফিচ নাই বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে এই সমগ্ৰ দুৰ্নীতি সম্পৰ্কে অতিশীঘ্ৰে দুৰ্নীতি নিবাৰক সন্হা আৰু অৰ্থনৈতিক অপৰাধ তদন্ত সন্হাত এই সমগ্ৰ বিষয়ৰ ওপৰত শীঘ্ৰে অভিযোগ দাখিল কৰাৰ কথা উল্লেখ কৰে সংগঠনটোৱে।
কেৱল এই বিভাগতে নহয় অসম দক্ষতা বিকাশ অভিযান আৰু চেক্টৰ স্কীল কাউন্সিল তথা কেন্দ্ৰৰ বহু আঁচনি আনি একপ্ৰকাৰৰ অসমত দুৰ্নীতিৰ পোহাৰ মেলিছে ‘ভেলুৱাৰ ফেব টেক্স’ নামৰ বহিৰাগত কোম্পানীটোৱে এই অভিযোগ কৰে সংগঠনটোৱে । আনহাতে এই দুৰ্নীতিৰ প্ৰতিটো খণ্ড আমি ৰাইজৰ মাজলৈ লৈ আনিবলৈ পৰবৰ্তী সময়ত তথ্য সহকাৰে প্ৰকাশ কৰিবলৈ আমি প্ৰতিশ্ৰুতি বদ্ধ।
Source- shantanusaikia11@gmail.com