Assameseঅসম

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত বিজেপিৰ ক’ৰ কমিটিৰ বৈঠক

0

ব্যুৰো, গুৱাহাটী, ১৭ মে‘:

গুৱাহাটীত দেওবাৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ক’ৰ কমিটিৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত দুঘন্টাজোৰা বিশদ আলোচনা কৰা হয় । ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে ৰাজ্যিক ক’ৰ কমিটিৰ ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত এই বৈঠকত বিশেষত: সমসাময়িক ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ লগতে ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ ওপৰত সবিশেষ আলোচনা কৰা হয় ।

Related post

লালুং গাঁও প্ৰাথমিক বিদ‍্যালয়লৈ এন আৰ এলৰ বিশেষ সাহাৰ্য্য

‘গগণা মুম্বাই’ৰ উপদেষ্টা জুতিকা মহন্তৰ…

সংখ‍্যালঘূ আঁচনিৰ নামত কোটি কোটি টকা লুন্ঠন বহিৰাগত কোম্পানী…

এই বৈঠকত আগন্তুক বিটিএডিৰ নিৰ্বাচন, পৌৰ সভাৰ লগতে সম্ভাৱ্য নিৰ্বাচন সমূহৰ ওপৰতো পৰ্যালোচনা কৰা হয় ।
আজিৰ পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় সভাপতিয়ে সমষ্টি ভিত্তিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে বিধায়ক সকলৰ পাৰ্ফৰ্মেন্সৰ মূল্যায়ণ কৰাৰ আহ্বান জনায় । ক’ৰণা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই সন্তুষ্টি প্ৰকাশ কৰি দল আৰু চৰকাৰক এই কাৰ্যত অবিৰতভাৱে নিয়োজিত হৈ থাকিবলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ, ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা আৰু উত্তৰ-পূব সংগঠন মন্ত্ৰী অজয় জামৱালে অংশগ্ৰহণ কৰা এই বৈঠকত বিজেপৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত-স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয় বিজয়া চক্ৰৱৰ্তী আৰু ৰাজেন গোহাঁই, ৰাজ্যিক উপসভাপতি বিজয় গুপ্তা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু ডঃ ৰাজদ্বীপ ৰয়ো উপস্থিত আছিল ।

Continue Reading
You might also like More from author

Leave A Reply
Cancel Reply

Your email address will not be published.