শুৱালকুছিৰ পাট শিল্পলৈ ভাবুকি, বহিঃৰাজ্যৰ নকল কাপোৰেৰে ভৰিছে বজাৰ

0

বহিঃৰাজ্যত উৎপাদিত নকল পাট কাপোৰেৰে ভৰি পৰিছে এতিয়া শুৱালকুছিৰ বস্ত্ৰৰ হাট।একাংশ দুষ্ট চক্ৰৰ ব্যৱসায়ীয়ে বেনাৰসত উৎপাদিত নকল কাপোৰ শুৱালকুছিৰ পাটৰ কাপোৰ বুলি বিক্ৰী কৰি থকাৰ ফলত শুৱালকুছিৰ শিপিনী সকলৰ জীৱনলৈ অমানিশা নামি আহিছে।

নিউজ ডেস্ক
গুৱাহাটী, ১০অক্টোবৰ, ২০১৯
বহিঃৰাজ্যত উৎপাদিত নকল পাট কাপোৰেৰে ভৰি পৰিছে এতিয়া শুৱালকুছিৰ বস্ত্ৰৰ হাট।একাংশ দুষ্ট চক্ৰৰ ব্যৱসায়ীয়ে বেনাৰসত উৎপাদিত নকল কাপোৰ শুৱালকুছিৰ পাটৰ কাপোৰ বুলি বিক্ৰী কৰি থকাৰ ফলত শুৱালকুছিৰ শিপিনী সকলৰ জীৱনলৈ অমানিশা নামি আহিছে।

২০১৩ চনৰ ২৯ আৰু ৩০ মাৰ্চত বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা পাটৰ বাবে শুৱালকুছিৰ পাট কাপোৰৰ চাহিদা সংকটত পৰিব বুলি আশংকিত হৈ বহিঃৰাজ্যৰ কেইবালাখ টকাৰ পাটৰ বস্ত্ৰ দাহ কৰিছিল স্থানীয় ব্যৱসায়ীসকলে। সেই সময়ত প্ৰতিবাদ কৰা বহু ব্যক্তি পুলিচৰ লাঠিচালনা তথা গুলীৰ সন্মুখীন হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল।

শুৱালকুছিৰ শিল্পীৰ স্বাভিমানৰ কথা চিন্তা কৰিয়েই আৰক্ষী তথা প্ৰশাসনে বেনাৰসী পাট কাপোৰ বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। তাৰ পিছতে শুৱালকুছিৰ বস্ত্ৰ শিল্পী সকলৰ বাবে “শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতি গঠন কৰা হৈছিল।” তদুপৰি, শুৱালকুছিত উৎপাদিত বস্ত্ৰৰ বাণিজ্যিক চিহ্নৰ ব্যৱস্থা কৰাৰ উপৰি শুৱালকুছিৰ পাট মুগাৰ বিশুদ্ধতা পৰীক্ষণৰ বাবে “ৰেচম পৰীক্ষাগাৰ” স্থাপন কৰিছিল।

কিন্তু পুণৰ অসাধু ব্যৱসায়ীসকলে নকল পাটৰ বিক্ৰীৰে শুৱালকুছিৰ প্ৰকৃত ব্যৱসায়ী তথা শিপিনীসকললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.