আজি কাতি বিহু

0

ষ্টাফ ৰিপৰ্টাৰ
গুৱাহাটী, ১৮ অক্টোবৰ, ২০১৯


আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি মাহত কৃষিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নহয়।
জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে অতি কষ্টৰে পথাৰ খনত ভূঁই ৰুই শেষ কৰে। অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰি পৰিব খেতি পথাৰ, নাইকিয়া হ’ব অকালৰ দিন। এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয়। শইচৰ ফুল দুলে, সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট-পতংগৰো উৎপাত বেছি হয়, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে যাতে ধাননি পথাৰ অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয়। তুলসীৰ গুৰিত চাকি জ্বলাই। কেৱল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে নাম প্ৰসঙ্গ কৰা হয়।

Leave A Reply

Your email address will not be published.