ত্ৰিপুৰাত বাতিল হ’ল ইণ্টাৰনেট সেৱা

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিষিদ্ধ কৰা হ'ল ইন্টাৰনেট সংযোগ।

0

নিউজ ডেস্ক,

গুৱাহাটী, ১১ ডিচেম্বৰ, ২০১৯

বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিংসাত্মকত পৰিস্থিতিৰ উদ্ধৱ হৈ থকাৰ মাজতে ত্ৰিপুৰাত মংগলবাৰে ২ বজাৰ পৰা ৪৮ ঘণ্টীয়া ইণ্টাৰনেট ৰ লগতে মোবাইল সেৱা বন্ধ কৰি ৰখা হৈছে। কৰ্মৰত অধিসূচনাৰ দ্বাৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও ৰাজ্যৰ গৃহ বিভাগৰ সচিব এ কে ভট্টাচাৰ্যই এই ক্ষেত্ৰত হস্তক্ষেপ কৰা দেখা গৈছে। ইণ্টাৰনেটৰ দ্বাৰা পৰিস্থিতি অধিক হিংসাত্মক হৈ পৰাৰ আশংকাক ৰোধ কৰিবলৈ এই সেৱা নিৰ্ধাৰিত সময়ৰ বাবে বন্ধ কৰি ৰখা হৈছে।

Leave A Reply

Your email address will not be published.