খেলো ইণ্ডিয়াত ৰূপৰ পদক লাভ অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকা

0

নিউজ ডেস্ক
গুৱাহাটী,১৪ জানুৱাৰী,২০২০ 

গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছত ৰূপৰ পদক লাভ কৰিছে অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকা।
তথ্য অনুসৰি মহানগৰীৰ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ২১ অনূৰ্ধ্বৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত হৃদয়ে এই কৃতিত্ব অৰ্জন কৰে।
ফাইনেলত হৃদয় হাজৰিকাই ২৪৭.৫ পইণ্ট স্ক’ৰ কৰে। তেওঁ গুজৰাটৰ ৰুচিৰাজৰ হাতত পৰাস্ত হয়।
প্ৰথম তিনিটা ৰাউণ্ডত অতি নিস্প্ৰভ প্ৰদৰ্শনেৰে একেবাৰে শেষৰ স্থানত আছিল হৃদয়। কিন্তু তাৰ পিছতে চন্দ ঘূৰাই পোৱা হৃদয়ে সকলোকে আঁচৰিত কৰি অন্তিম তিনিটা ৰাউণ্ডত চমপ্ৰদ প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.