খেলো ইণ্ডিয়াত পদক অৰ্জনত অসমৰ্থ উত্তৰ-পূবৰ তিনি ৰাজ্যৰ প্ৰতিযোগী

0

নিউজ ডেস্ক,
গুৱাহাটী, ১৪ জানুৱাৰী, ২০২০
গুৱাহাটীত চলি থকা খেলো ইণ্ডিয়া য়ুথ গেইমছত দেশৰ ভিন্ন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলে সুন্দৰ প্ৰদৰ্শনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । যদিও উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড আৰু ছিক্কিম এতিয়ালৈ পদকৰ এটা তালিকাৰো খাটা খুলিব পৰা নাই।
উল্লেখযোগ্য যে, এই ক্ৰীড়া প্ৰতিযোগিতা খনত মেঘালয়ে পাঁচটা ইভেণ্টত অংশ লোৱাৰ লগতে নাগালেণ্ডে তিনিটা ইভেণ্টত অংশগ্ৰহণ কৰিছিল, যদিও পদক লাভত অসমৰ্থ হৈছে। আনহাতে প্ৰতিযোগিতা খনৰ আয়োজক অসমে এই পৰ্যন্ত তিনিটা সোণ, চাৰিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে প্ৰতিযোগিতাৰ তালিকাত ১৩ নম্বৰ স্থানত আছে।

Leave A Reply

Your email address will not be published.