টীম ইণ্ডিয়াৰ চুপাৰফেন চাৰুলতা পেটেলৰ দেহাৱসান

0

নিউজ ডেস্ক
গুৱাহাটী,১৬জানুৱাৰী,২০২০

সোমবাৰে সন্ধিয়া ৫-৩০ বজাত ভাৰতীয় ক্ৰিকেট দলৰ চুপাৰফেন ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চাৰুলতা পেটেলে।এই খবৰ প্ৰকাশ কৰে চাৰুলতা পেটেলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলযোগে।
২০১৯ ৰ লণ্ডনত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটত বিশেষ চৰ্চ্চা লাভ কৰিছিল চাৰুলতা পেটেলে।সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি বলিয়া চাৰুলতা পেটেলে অসুস্থতাৰ মাজতো এনেদৰে ষ্টেডিয়ামত উপস্থিত থাকি ভাৰতীয় দলটোক সমৰ্থন জনোৱা বাবে ব্যক্তিগতভাৱে তেওঁক সাক্ষাৎ কৰে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই।তেওঁৰ মৃত্যুৰ দুখ প্ৰকাশ কৰিছে বিচিচিআই য়ে।

Leave A Reply

Your email address will not be published.