শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশন আৰম্ভ

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী,২০২০

শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশন আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হৈছে বোকাখাতৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত।উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ আজি পুৱাৰ পৰাই শ শ ভকত–বৈষ্ণৱৰ লানি নিছিগা সোঁত ব’বলৈ ধৰিছে।
অহা ৭ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল পতাকা উত্তোলন, বর্ণাঢ়্য সাংস্কৃতিক শোভাযাত্রা আদিকে ধৰি বিভিন্ন কার্যসূচী আছে আৰু লগতে শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ তৃতীয় দিনা অর্থাৎ ৭ ফেব্রুৱাৰীৰ দিনটো স্থানীয় বন্ধ ঘোষণা কৰিছে গোলাঘাট জিলা উপায়ুক্তই৷

Leave A Reply

Your email address will not be published.