আফগানিস্তানত সন্ত্ৰাসবাদীৰ ওপৰত ড্ৰোণ আক্ৰমণ সুৰক্ষা বাহিনীৰ

0

গুৱাহাটী , ৬ অক্টোবৰ : সন্ত্ৰাসবাদীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আফগানিস্তান সুৰক্ষা বাহিনীয়ে । আফগানিস্তানৰ ফাৰাহ প্ৰদেশত ড্ৰোণেৰে আক্ৰমণ কৰা হৈছে সন্ত্ৰাসবাদীক । আক্ৰমণত ৪ তালিবানী কামাণ্ডাৰৰ লগতে ৩০ জন তালিবানী সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা জানিব পৰা গৈছে । কিছুদিন পূৰ্বে মাৰুফ জিলাত তালিবানীয়ে সংঘটিত কৰিছিল এক এয়াৰ ষ্ট্ৰাইক । উক্ত আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে সুৰক্ষা বাহিনীৰ এই ড্ৰোণ আক্ৰমণ কৰে বুলি তথ্য প্ৰকাশ কৰিছে ফাৰাহৰ ৰাজ্যপাল আব্দুল বাছিৰ চালাংগীয়ে ।

Leave A Reply

Your email address will not be published.