বাংলাদেশৰ আকাশমাৰ্গত মুখামুখি সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিল দুখন বিমান

0

গুৱাহাটী,১ নৱেম্বৰঃ শেহতীয়া ইণ্ডোনেছিয়াৰ বিমান দুৰ্ঘটনাৰ ভয়াবহতা মাৰ নাযাঁওতেই আন এক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে দুখন বিমান। বাংলাদেশৰ আকাশমাৰ্গত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বিমান দুখন। এক মুখামুখি সংঘৰ্ষৰ পৰা ৰক্ষা পৰে ইণ্ডিগ’ বিমান দুখন। ইয়াৰে এখন বিমান গুৱাহাটীৰ পৰা কলকাতালৈ গৈ থকাৰ বিপৰীতে আনখন বিমান আহি আছিল চেন্নাইৰ পৰা গুৱাহাটীলৈ। বিশেষকৈ ঢাকা এয়াৰ ট্ৰেফিক কন্ট্রলৰ ভুল ছিগনেলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল হেঁতেন। অৱশ্যে কলকাতা এয়াৰ ট্ৰেফিক কন্ট্রলে এই ভূল ধৰা পেলাই ঢাকা ATCক অৱগত কৰাত দুয়োখন বিমান ৰক্ষা পৰিল দুৰ্ঘটনাৰ পৰা।

Leave A Reply

Your email address will not be published.