জৈৱিক চাহৰ অন‍্য নাম এৰোমিকা…ফিল দ্য জিং

0

তৃষ্ণা কৌশিক

গুৱাহাটী, ৫ জুলাই, ২০১৯

ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা চাহে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ পৰিপেক্ষিতত জৈৱিক চাহৰ চাহিদা সমগ্ৰ বিশ্বতে সম্প্ৰতি বৃদ্ধি পাইছে। কিন্তু আমাৰ অসমত অদ্যপি জৈৱিক চাহৰ ক্ষেত্ৰত নাগৰিকৰ যথোপযুক্ত সচেতনতা গা কৰি উঠা নাই।
এনে সময়তে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰণজিৎ বৰুৱা নামৰ ব্যক্তি গৰাকীয়ে জৈৱিক চাহৰ পেকেজিং আৰু বিপণনৰ জৰিয়তে। তেওঁ কৰ্ম জীৱনৰ বিশটা বছৰ উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন চাহ বাগানত কাম কৰাৰ পিছত এই জৈৱিক চাহৰ পদক্ষেপটো হাতত লয়।  ইয়াৰ নাম দিয়ে ‘এৰোমিকা’। ‘ফিল দ্য জিং!’ টেগ লাইন হিচাপে লৈ তেওঁ আগবাঢ়ে।
‘এৰোমিকা’ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য সন্দৰ্ভত NEWS 24HRS ৰে আছুতীয়া সাক্ষাৎকাৰত বৰুৱাই এইদৰে কয়-“মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান, নৱপ্ৰজন্মৰ লগতে শিক্ষিত নিবনুৱাক কৰ্ম সংস্থাপনৰ বাবে উৎসাহ প্ৰদান, তাৰোপৰি জৈৱিক সাৰৰ উপযুক্ত ব্যৱহাৰৰ লগতে কৃষিক্ষেত্ৰক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব বিচাৰো।”
তেওঁৰ ‘এৰোমিকা’ ত পুৰুষতকৈ মহিলা কৰ্মচাৰীৰ সংখ্যা বেছি। ইয়াতে অনুমান কৰিব পাৰি যে তেওঁ মহিলা সবলীকৰণত কিদৰে প্ৰাধান্য দিছে।
প্ৰথম অৱস্থাত তেওঁ পাঁচবিধ জৈৱিক চাহেৰে আৰম্ভণি কৰিছিল। পিছলৈ ১৮ বিধলৈ বৃদ্ধি পায়।
তেওঁৰ জৈৱিক চাহৰ ভিতৰত আপুনি পাব ‘ব্লু টী’ যি শৰীৰৰ বাবে অতি উপযোগী। এইবিধ চাহ তৈয়াৰ কৰা হয় বিভিন্ন ঔষধিৰ লগতে অপৰাজিতা ফুলৰ দ্বাৰা। এইবিধ চাহ শিশুৰ পৰা বৃদ্ধ লৈ সকলোৱে খাব পাৰে। মধুমেহ ৰোগীৰ বাবে ই অতি উপকাৰী।

তাৰোপৰি পোৱা যায় ‘এগুৱা দি জামাইকা’ নামৰ চাহ, য’ত থাকে জবাফুল, গোলাপ ফুল আদিৰ বিভিন্ন ঔষধি গুণযুক্ত দ্ৰব্য। এইবিধ চাহ বৰফৰ লগতো অৰ্থাৎ ‘কোল্ড টী’ কৰিও খাব পাৰি। এনেদৰে বিভিন্ন ধৰণৰ চাহ যেনে পৰিয়ালৰ বাবে বিশেষ ‘ফেমিলী হেপীনেছ টী’ প্ৰেমিক-প্ৰেমিকা সকলৰ বাবে বিশেষ ‘ভেলেন্টাইন টী’ আদিও ইয়াত উপলব্ধ। তদুপৰি চাৰিবিধ নতুন জৈৱ চাহৰ প্ৰস্তুতি চলাই থকাৰ কথাও জনালে বৰুৱাই।

তেওঁৰ নতুন জৈৱিক চাহৰ ভিতৰত থাকিব ‘ফায়াৰ টী’ অৰ্থাৎ ভোট জলকীয়াৰ চাহ। এইবিধ চাহ হ’ব বিশ্বৰ ভিতৰত সৰ্ব প্ৰথম বিখ্যাত ভোট জলকীয়াৰ জৈৱিক চাহ। তেনেদৰে ঢেঁকী চাহ ইত্যাদি বিভিন্ন চাহ তেওঁলোকে বজাৰলৈ মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে।

তেওঁৰ এই জৈৱিক চাহৰ ৰপ্তানি সম্প্ৰতি ভাৰততে চলি আছে যদিও ভৱিষ্যতে ইয়াৰ বিক্ৰী বিদেশতো সম্প্ৰসাৰিত হব বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে অসমৰ অৰ্থনীতিতো এক ইতিবাচক প্ৰভাৱ পৰিব, সেইটো নিশ্চিত।

Leave A Reply

Your email address will not be published.