ভূতনাথ অঞ্চলত বছৰ ধৰি নাই ষ্ট্ৰীট লাইট

0

এন্ধাৰৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই সংঘটিত কৰে চুৰিৰ লগতে অসামাজিক কাৰ্য্য…
নিউজ ডেস্ক
গুৱাহাটী, ১৬ আগষ্ট, ২০১৯

বছৰ ধৰি বছৰ ষ্ট্ৰীট লাইটৰ পোহৰ দেখা নাই মহানগৰীৰ ভূতনাথবাসীয়ে। এই এন্ধাৰৰ সুযোগ লৈয়ে একাংশ দুৰ্বৃত্তই প্ৰায়ে সংঘটিত কৰে চুৰিৰ ঘটনাৰ লগতে অসামাজিক কাৰ্য্য।যোৱা প্ৰায় ১৫ বছৰ ধৰি অঞ্চলটোত ষ্ট্ৰীট লাইট জ্বলাই নাই যাৰ ফলত পথ দুৰ্ঘটনা সমূহো সংঘটিত হোৱা পৰিলক্ষিত হৈছে। স্হানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ এই বিষয়ে জনাইছে যদিও ইয়াৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই তেওঁলোকে। গুৱাহাটী মহানগৰীৰ ব্যস্ত অঞ্চলত এনে ষ্ট্ৰীট লাইটৰ অভাৱেই যথেষ্ট সমস্যাৰ লগতে আতংকৰ সৃষ্টি কৰে জনসাধাৰণৰ মাজত।

Leave A Reply

Your email address will not be published.