বিজেপিত আনুষ্ঠানিক যোগদান ভূৱনেশ্বৰ কলিতাৰ

0

ভুৱনেশ্বৰ কলিতাই কিয় বিজেপিত যোগদান কৰিলে তাক স্পষ্ট কৰি সংবাদ মাধ্যমৰ আগত জনায় যে- ‘মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো! ভাৰতবৰ্ষক সকলো দিশতে শক্তিশালী কৰাৰ বাবে ২০১৪ চনত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যি প্ৰচেষ্টা হাতত লৈছিল, তাত তেওলোক সফল হৈছে | আজি ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমপৰ্য্যায়ৰ হৈছে; তিনি তালাক, ৩৭০কে ধৰি বিভিন্ন দিশত সফল হৈছে’।

ব্যুৰো

গুৱাহাটী, ১৯ আগষ্টঃ

মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাক দলৰ কৰ্মীসকলে বিপুলভাবে আদৰণি জনায় | সভাত ৰাজ্যৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসসহ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে !

যোৱা ৫ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰি ৯ আগষ্টত বিজেপি দলত যোগদান কৰা ভুৱনেশ্বৰ কলিতাই কিয় বিজেপিত যোগদান কৰিলে তাক স্পষ্ট কৰি সংবাদ মাধ্যমৰ আগত জনায় যে- ‘মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো! ভাৰতবৰ্ষক সকলো দিশতে শক্তিশালী কৰাৰ বাবে ২০১৪ চনত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যি প্ৰচেষ্টা হাতত লৈছিল, তাত তেওলোক সফল হৈছে | আজি ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমপৰ্য্যায়ৰ হৈছে; তিনি তালাক, ৩৭০কে ধৰি বিভিন্ন দিশত সফল হৈছে’।

সেইদৰে ভুবনেশ্বৰ কলিতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা প্ৰসংগত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য সভাত ৩৭০ ধাৰাৰ ওপৰত হোৱা বিতৰ্কৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে ভুবনেশ্বৰ কলিতাই। হিমন্তৰ মতে এতিয়া শ্যমাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে পৰিচালিত বিজেপিৰ আদৰ্শ মানি কাম কৰিব ভুবনেশ্বৰ কলিতাই।

Leave A Reply

Your email address will not be published.