“দৰঙীয়ানৰ চকুত জুই দেখা পাওঁ”-জুবিন গাৰ্গ

ঐতিহ্য মণ্ডিত দৰং মহাবিদ্যালযত সম্পন্ন নবাগত আদৰণি সভা।

0

আদিত্য অংকুৰ নাথ

তেজপুৰ,  ৪ ছেপ্তেম্বৰ, ২০১৯

দৰং কলেজ, এই শব্দদুটাই যেন প্ৰতিগৰাকী দৰঙীয়ানৰ তথা উত্তৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মনৰ এটা কোণত সৃষ্টি কৰে এক মৃদু ঝংকাৰৰ।উত্তৰপাৰৰ নালন্দা ৰূপে খ্যাত তথা অসমৰ শিক্ষাজগতখনৰ এটা উজ্জ্বল জ্যোতিষ্ক দৰং মহাবিদ্যালয়ৰ অসমৰ সামাজিক,ৰাজনৈতিক ক্ষেত্ৰখনলৈ যি অৱদান সেয়া প্ৰতিগৰাকী অসমবাসীৰ জ্ঞাত। যুৱ প্ৰজন্মৰ চকুৰমণি জুবিন গাৰ্গে তেওঁৰ নতুন ছবি “কাঞ্চনজঙ্ঘা”ৰ প্ৰচাৰৰ অৰ্থে মহাবিদ্যালয় খনত আহি উপস্থিত হোৱাত সমগ্ৰ মহাবিদ্যালয়খন জুবিনময় হৈ পৰিল।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জুবিনে কয় যে প্ৰতিজন দৰঙিয়ানৰ চকুত হেনো তেওঁ জুই দেখা পায়। জুবিনক কাষত পাই সকলোৰে মাজত উচাহৰ ৰোল উঠে।

এনেকৈয়ে প্ৰতি গৰাকী দৰঙীয়ানৰ হাঁহিৰ কলৰৱৰে মুখৰিত হৈ পৰিল দৰং মহাবিদ্যালয়।

১৯৪৫চনত সগৌৰবে তেজপুৰৰ মাজমজিয়াত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনৰ ৭৪বছৰীয়া ইতিহাস অতি ৰোমাঞ্চকৰ।এই গৰিমামণ্ডিত মহাবিদ্যালয় খনত যোৱা ৩১আগষ্ট তাৰিখে প্ৰতিবৰ্ষৰ দৰে এইবাৰো অতি জাকজমকতাৰে অনুষ্ঠিত হৈ যায় ২০১৯বৰ্ষৰ নবাগত আদৰণি সভা।উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষ আৰু TDC প্ৰথম বাৰ্ষিকৰ নবাগতছাত্ৰছাত্ৰী সকলক আদৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানটি আঁত ধৰে ছাত্ৰ ৰূপম নাথ আৰু ছাত্ৰী নৱস্মিতা কোঁৱৰে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ জয়সংকৰ হাজৰিকাৰ বন্তি প্ৰজ্জ্বলন আৰু আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ শান্তনু ৰাজবংশী, লনিস্মিতা দেৱী,অন্বেষা কাঞ্চন বৰা, শতাব্দী শুনয়না আদিৰ গীতে জীপাল কৰি তোলে মহাবিদ্যালয়ৰ আনন্দমধুৰ পৰিবেশ ।তথা ছাত্ৰ ইন্দ্ৰজিত দলৰ আবৃত্তয়েও মোহে প্ৰতিগৰাকী দৰঙীয়ানৰ হৃদয়।

Leave A Reply

Your email address will not be published.